আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক
শিৱসাগৰ : শিৱসাগৰত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পিয়ুষ হাজৰিকা। আগন্তক শিৱসাগৰ পৌৰ নিৰ্বাচনৰ ৭ খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মন্ত্ৰী হাজৰিকাৰ। শিৱসাগৰত পৌৰ নিৰ্বাচনৰ মাৰাঠান প্ৰচাৰ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ। প্ৰচাৰ সভাত মন্ত্ৰী গৰাকীয়ে ৯ মাহত বিধায়কে কি কৰিলে বুলি প্ৰশ্ন।

মন্ত্ৰী পিয়ুষ হাজৰিকাই শিৱসাগৰ অসমৰ এখন গুৰুত্বপূৰ্ণ চহৰ বুলি মন্তব্য কৰি শিৱসাগৰ নগৰবাসীক উন্নয়নৰ স্বাৰ্থত বিজেপি দলত ভোটদান কৰিবলৈ আহ্বান জনায়। কংগ্ৰেছৰ প্ৰাৰ্থী, সদস্যক শাসকীয় দল আৰু চৰকাৰে ভয় ভাবুকি দিয়া বুলি উত্থাপন কৰা অভিযোগ খণ্ডন কৰি মন্ত্ৰী পিয়ুষ হাজৰিকাই।

পৌৰ সভা নিৰ্বাচন খেলিবলৈ কংগ্ৰেছৰ মানুহেই নাই। ভয় ভাবুকি কাক দিব, মানুহ থাকিলেহে দিব। ইতিমধ্যে আমি ৬০ টাত জয়ী হৈছোঁয়েই। ভয় ভাবুকিৰ প্ৰয়োজন নাই, অলপ মৰম কৰিলেই কংগ্ৰেছৰ যিকেইজন আছে নোহোৱা হৈ যাব বুলিও কয় মন্ত্ৰী গৰাকীয়ে।

ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাক কটাক্ষ কৰি মন্ত্রী পিয়ুষ হাজৰিকাই কয় যে ভূপেন বৰাই পাপীয়ো নহয়, সন্যাসীয়ো নহয় বুলি কৈ নিজেই চাৰ্টিফিকেট এখন লৈ লৈছে। মানে তেওঁ মাজে মাজে থাকি ভুল কাম কৰিছে, মাজে মাজে থাকি দুৰ্নীতি কৰিব। যদি এনেকুৱাই হয় তেন্তে ৰাইজে বিচাৰ কৰিব বুলি কয় মন্ত্ৰী গৰাকীয়ে।

আনহাতে মাজুলীৰ উপ নিৰ্বাচনত ৫০-৬০ হেজাৰ ভোটত বিজেপিয়ে জয় লাভ কৰিব বুলিও কয় মন্ত্রী পিয়ুষ হাজৰিকাই। অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰিণ জ্যোতি গগৈক কংগ্ৰেছে ষড়যন্ত্ৰ কৰি বলিৰ পঠা সজালে, কলিতে কংগ্ৰেছ দলে মোহাৰি দিলে লুৰিণ জ্যোতি গগৈৰ দলক বুলিও কয় মন্ত্রী গৰাকীয়ে।