গুৱাহাটী : মহানগৰী গুৱাহাটীত পুনৰ এক চাঞ্চল্যকৰ হত্যাকাণ্ড।মহানগৰীত মাছ কটা দাৰে ডিঙি ৰেপি অৱসৰপ্ৰাপ্ত সেনা জোৱানক হত্যা। ৰাজপথত ডিঙি ৰেপি হত্যা কৰি অৱসৰপ্ৰাপ্ত সেনা জোৱানজনক পেলাই যায় এজনে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

মহানগৰী গুৱাহাটীৰ সাতগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। সাতগাঁৱৰ আমবাৰীতল অঞ্চলত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। ৰাজপথৰ ওপৰতে মাছ কটা দাৰে ডিঙি ৰেপি অৱসৰপ্ৰাপ্ত সেনা জোৱানজনক হত্যা। হত্যাৰ বলি হোৱা অৱসৰপ্ৰাপ্ত সেনা জোৱানজনৰ নাম ৰৌছান আলী ওৰফে চানা পাগলা।

জানিব পৰা মতে সাতগাঁও থানাৰ অন্তৰ্গত আমবাৰীৰ সুন্দৰ পথৰ বাসিন্দা অৱসৰপ্ৰাপ্ত সেনা জোৱান ৰৌছান আলী ওৰফে চানা পাগলাই হাবিবুৰ ৰহমানৰ পত্নীক বিয়া কৰোৱাৰ উদ্দেশ্যে তিনিদিন ধৰি ঘৰত আৱদ্ধ কৰি ৰাখিছিল। ইয়াকে কেন্দ্ৰ কৰি দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। অৱশেষত এই কাজিয়াই হত্যাকাণ্ডৰ ৰূপ লয়।

হাবিবুৰ ৰহমানে ঘাইপথত ৰৌছান আলী ওৰফে চানা পাগলাক আগুচি ধৰি মাছ কটা দৰে ডিঙি ৰেপি হত্যা কৰে। ঘটনা খবৰ পাই ঘটনাস্থলীত সাতগাঁও আৰক্ষী উপস্থিত হৈ হত্যাকাৰী হাবিবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে হাবিবুৰ ৰহমানৰ পত্নীকো আটক কৰি তদন্ত অব্যাহত ৰাখিছে।