সোণাৰি, ২৫ নৱেম্বৰ: ৰাইজক সুৰক্ষা প্ৰদান কৰি অহা অসম আৰক্ষীৰ গুণ্ডাৰাজ৷  চৰাইদেউ জিলাৰ চফ্ৰাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পুষ্প কমল বৰুৱাই এইবাৰ দিব্যাংগ লোকৰ ওপৰত আৰম্ভ কৰিলে চুড়ান্ত গুণ্ডাৰাজ৷ সামান্য কথাতে এইজন আৰক্ষী বিষয়াই চফ্ৰাই মোহন গাঁৱৰ নিবাসী দিব্যাংগ যুৱক বাবলু ৰোহিত দাসক নিৰ্মমভাৱে মাৰপিট কৰি বাসগৃহৰ পৰা উঠাই আনি আজি পুৱতি নিশা এৰি দিয়ে৷ এই ঘটনাৰ কেন্দ্ৰ কৰি বৰ্তমানেও চৰাইদেউ জিলাত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ ঘটনাৰ সন্দৰ্ভত আজি ৰাইজে চৰাইদেউ জিলা আৰক্ষী অধীক্ষকক অৱগত কৰিছে৷ আৰু এই সম্পৰ্কত জিলা আৰক্ষী অধীক্ষকে বিহিত ব্যৱস্থা হাতত লোৱাৰ আশ্বাস প্ৰদান কৰাত ৰাইজ শান্ত হয়৷ ইফালে ক্ষোভিত ৰাইজে অভিযুক্ত আৰক্ষীজনৰ বিৰুদ্ধে জিলা আৰক্ষী অধীক্ষকক এজাহাৰ প্ৰদান কৰিছে৷