গুৱাহাটী, ২৫ নৱেম্বৰ: বিউটী এণ্ড ৱেলনেছ ছেক্টৰ স্কিল কাউন্সিলে ২৮ নৱেম্বৰত গুৱাহাটীৰ লিলি হােটেলত এক নিয়োগ মেলাৰ আয়োজন কৰিছে বিশেষভাৱে সৌন্দৰ্য আৰু ৱেলনেছ পেছাদাৰীসকৰ বাবে৷ য’ত অভিজ্ঞসকলৰ সমান্তৰালভাৱে নবিনসকলেও অংশগ্রহণ কৰিব পাৰিব। অঞ্চলটোত কাউন্সিলে আয়োজন কৰা নিয়োগ মেলা হৈছে এই ধৰণৰ প্ৰথম। সৌন্দর্য,আৰু ৱেলনেছ খণ্ডৰ ১৫ ৰো অধিক প্রখ্যাত নিয়োগকর্তা আৰু অনলাইন প’টেলে এই নিয়োগ মেলাত অংশগ্রহণ কৰিব। নিয়োগকর্তাৰ তালিকাত আছে। ভিএলচিচি, লেকমি, আইঅ’ছিছ, এৰ’মা মেজিক, আর্বান ক্লেপ, নেইল স্পা, ষ্ট্ৰেণ্ডছ আদি৷ বিউটী আৰু ৱেলনেছ খণ্ডৰ সমান্তৰালভাৱে মিডিয়া আৰু হাস্পতালিটী উদ্যোগৰ নিয়োগকর্তায়ো এই নিয়োগ মেলাত অংশগ্রহণ কৰিব৷“দক্ষ আৰু প্ৰশিক্ষণপ্রাপ্ত লোকৰ উল্লেখনীয় সম্ভাৱনাময় অৱদানকাৰী হিচাপে উত্তৰ পূৰ্বাঞ্চলসৌন্দর্য আৰু ৱেলনেছ খণ্ডত যোগান আৰু চাহিদাৰ অন্তৰালত যোগসূত্ৰ হ’ব পাৰে। এই নিয়োজন অভিযান এক উল্লেখনীয় মঞ্চৰূপে পৰিগণিত হ’ব পাৰে উচিত প্রার্থীয়ে উচিত নিয়োগকর্তা লাভ কৰাৰ ক্ষেত্ৰত৷ দুটাকৈ বেংক- এক্সিছ বেংক আৰু মুথুট মাইক্ৰ’ ফাইনেন্সো এই নিয়োগ মেলাৰ এক অংশ হ’ব, উদ্যোগী হ’বলৈ ইচ্ছা প্ৰকাশ কৰা প্রার্থীসকলক বিত্তীয় সহায় আগবঢ়াবলৈ৷ “উদ্যোগীসকলৰ বাবেও বিউটী আৰু ৱেলনেছ খণ্ডত প্ৰচুৰ সম্ভাৱনা আছে, উপলব্ধ সুযোগবোৰৰ বিষয়ে অৱগত কৰিবলৈ প্ৰাৰ্থীসকলৰ বাবে ই হ’ব এক সঠিক মঞ্চ, ৱাধৱাৰ সংযোজন৷ আন্তর্জাতিক ক্রুজ লাইনাৰ ইণ্ডছ-ষ্টেইনাৰেও এই নিয়োগ মেলাত অংশগ্রহণ কৰিব।