আজিজ আলী
নলবাৰী : নলবাৰীত এটা পথৰ বাবে দুৰ্ভোগ ভুগিছে ৰাইজে।জৰাজীৰ্ণ পথটোৰ বাবে ৰোগীকো ঠেলাৰে কঢ়িয়াব লগা হয়। পথটো মেৰামতিৰ দাবীত ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিলে শতাধিক লোকে।

নলবাৰী জিলাৰ পূৱপ্ৰান্তস্থিত ১৪ নং গাঁও পঞ্চায়তৰ অন্তৰ্গত মাজৰবাৰী গাঁৱৰ জৰাজীৰ্ণ পথটোৰ বাবে এতিয়া দুৰ্ভোগ ভুগিছে ৰাইজে। ডিজিটেল ইণ্ডিয়াৰ সময়ত নলবাৰী সমষ্টিৰ অন্তৰ্গত মাজৰবাৰী গাঁওবাসীয়ে জৰাজীৰ্ণ পথৰ বাবে এতিয়া দুৰ্ভোগ ভুগিছে।

প্ৰতি বছৰে বাৰিষা আহিলে এই অঞ্চলৰ লোক সকলে যমৰ যাতনা ভুগিব লগীয়াত পৰে। উক্ত পথটোৰ শোচনীয় অৱস্থাৰ বাবে ৰোগীক ঠেলাৰে চিকিৎসালয়লৈ নিব লগীয়া হয়। পথটো মেৰামতিৰ দাবীৰে অঞ্চলটোৰ শতাধিক লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।

অঞ্চলটোৰ ৰাইজে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অতি শীঘ্ৰে পথটো মেৰামতি কৰাৰ আহ্বান জনাইছে। পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ ফলত অঞ্চলটোৰ ৰাইজৰ লগতে ছাত্ৰ-ছাত্রী সকলো যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিব লগীয়া হৈছে।