দক্ষিণ শালমাৰা : সমবায় সমিতিৰ চৰকাৰী চাউল বিতৰণত দুৰ্নীতিৰ অভিযোগ। দক্ষিণ শালমাৰা সমবায় সমিতিৰ চৰকাৰী চাউল বিতৰণত ভয়াবহ দুৰ্নীতিৰ অভিযোগ। ছাত্ৰ-ছাত্ৰীৰ নামত অহা বিদ্যালয়-অঙ্গনাবাদী কেন্দ্ৰৰ দুপৰীয়াৰ আহাৰৰ চাউল কৰ্তনৰ অভিযোগ সভাপতি, সম্পাদকৰ বিৰুদ্ধে। চাউল কৰ্তনত একাংশ সদস্যই বাধা দিয়াৰ বাবে সমবায় সমিতি স্থানান্তৰৰ অপচেষ্টা। ব্যৱসায় কৰিব নোৱাৰি নিজৰ ঘৰৰ কাষতে সমবায় সমিতিৰ গুদাম স্থাপনৰ ষড়যন্ত্ৰত ক্ষুব্ধ জনতা।

সমবায় সমিতিৰ সভাপতি, সম্পাদকৰ এই দুৰ্নীতিৰ অভিযোগ সমিতিখনৰ আন সদস্য আৰু উপ সভাপতিৰ। দক্ষিণ শালমাৰা সমবায় সমিতিৰ সভাপতি হাছিদুৰ ৰহমান আৰু সম্পাদকজনে গোপনে সমিতিখনৰ আন ৯ জন সদস্যক লৈ ষড়যন্ত্ৰমুলকভাৱে সমবায় সমিতিখন টুমনি বজাৰৰ পৰা পাটাকাটা বজাৰলৈ স্থানান্তৰ কৰাৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ মতে সমবায় সমিতিখনত প্ৰতি তিনি মাহৰ পিছত বিদ্যালয়ৰ দুপৰীয়াৰ আহাৰ আৰু অঙ্গনাবাদী কেন্দ্ৰৰ নামত প্ৰায় ১৬০০ কুইণ্টল চাউল চৰকাৰীভাৱে আহে।

কিন্তু উক্ত ১৬০০ কুইণ্টল চাউলৰ পৰা প্ৰায় ৭০ কুইণ্টল চাউল সমিতিৰ সভাপতি আৰু সম্পাদকে কৰ্তন কৰি বাকী চাউলখিনি বিতৰণ কৰে বুলি অভিযোগ উত্থাপিত হৈছে। একেদৰে সুলভ মুল্যৰ হিতাধিকাৰীৰ নামত অহা প্ৰায় ৩৭০০ কুইণ্টল চাউলৰ ভিতৰত প্ৰায় ৩৪ কুইণ্টল চাউল কৰ্তন কৰি মাহেকত সভাপতি আৰু সম্পাদকজনে মুনাফা লাভ কৰি অহাৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে সমিতিখনৰ আন কেবাজনো সদস্য আৰু উপ সভাপতিয়ে।

সভাপতি, সম্পাদকজনে চাউল কৰ্তন কৰি মুনাফা লোৱাৰ বিৰুদ্ধে সমিতিখনৰ উপ সভাপতি আৰু আন একাংশ সদস্যই বাধা দিয়াৰ ফলত টুমনিৰ পৰা পাটাকাটাত সমিতিখন স্থানান্তৰ কৰাৰ চেষ্টা চলাই থকাত সাধাৰণ লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশ সচেতন লোক, সমিতিৰ সদস্য তথা উপ সভাপতিজনে এক ৰাজহুৱা সাধাৰণ সভাৰ আয়োজন কৰি কোনো কাৰণতে যাতে এই সমতিতি পাটাকাটালৈ নিয়া নহয় তাৰ বাবে জিলা প্ৰশাসনক এখন লিখিত অভিযোগ দাখিল কৰে।