Property Expo : এৰিডা এক্সপো’ত গ্ৰেটহোৱাইট গ্লোবেল প্ৰাইভেট লিমিটেডৰ ষ্টল মুকুলি

In ব্যৱসায়, ৰাজ্য
Umra Package

গুৱাহাটী : বৃহস্পতিবাৰৰ পৰা চাৰিদিনীয়াকৈ মহানগৰীৰ আশী অপ্সৰা প্ৰেক্ষাগৃহত আয়োজন কৰা এৰিডা এক্সপো’ত (Property Expo) অংশগ্ৰহণ কৰে দেশৰ আগশাৰীৰ ইলেক্ট্ৰিকেল ব্ৰেণ্ড গ্ৰেট-হোৱাইট গ্লোবেল প্ৰাইভেট লিমিটেডে। এই এক্সপো’ত কোম্পানীটোৰ ৯৯ আৰু ১০০ ষ্টলত গৃহ, কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ বাবে তেওঁলোকৰ বৃহৎ সংখ্যক সামগ্ৰী প্ৰদৰ্শন কৰে।

কোম্পানীৰ দেশৰ লাইটিনিং প্ৰমুখ মিলিন্দ ঘোংডে, চিএছএ উত্তৰ-পূবৰ ৰাজ কুমাৰ ধানুকাৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিতিত উপ-সভাপতি বিমলেণ্ডু কুমাৰে ষ্টল আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে। কোম্পানীৰ উপ-সভাপতি বিমলেণ্ডু কুমাৰে কয় যে আমাৰ ব্ৰেণ্ডে সম্পূৰ্ণ নিম্ন ভল্টেজ বৈদ্যুতিক সামগ্ৰী আগবঢ়ায় আৰু চুইচ আৰু আনুষঙ্গিক সামগ্ৰী (মডুলাৰ আৰু নন-মডুলাৰ পৰিসৰ), ৱায়াৰ, কেবল, লেড লাইট, সুৰক্ষা সঁজুলি যেনে এমচিবি, এমচিচিবি, ডিবি আদি, কণ্ডুইট পাইপ, পিভিচি টেপ, ফেন, গৃহ স্বয়ংক্ৰিয়কৰণ আৰু চেন্সৰ যোগান ধৰি আহিছে।

যাদৱ লালজী শ্বাহে গ্ৰেটহোৱাইট গ্লোবেল প্ৰাইভেট লিমিটেড ব্ৰেণ্ডটো প্ৰতিষ্ঠা কৰিছিল। বৰ্তমান কোম্পানীটো পৰিচালনা কৰি আছে কনিষ্ঠ পুত্ৰ হেমাং শ্বাহে। হৰিদ্বাৰ আৰু ভালচাদত গ্ৰেটহোৱাইটৰ নিজা অত্যাধুনিক নিৰ্মাণ সুবিধা আছে। উত্তৰ-পূব অঞ্চলত আমাৰ অংশীদাৰ হৈছে ৰাজ কুমাৰ ধানুকাৰ লগতে তেওঁৰ দুই পুত্ৰ যশবৰ্ধন ধানুকা আৰু অংশুমান ধানুকা যি গ্ৰাহকসকলৰ মাজত এই ব্ৰেণ্ডৰ বাবে বিশ্বাস স্থাপনৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে।

গ্ৰেটহোৱাইট সমগ্ৰ দেশতে এক শক্তিশালী বজাৰ দখল কৰাৰ লগতে উত্তৰ-পূবৰ বজাৰতো এই ব্ৰেণ্ড সহজে উপলব্ধ হৈছে।
গ্ৰেটহোৱাইটে এতিয়া ডুবাইত এটা কাৰ্যালয় মুকুলি কৰিছে যি সমগ্ৰ মধ্য প্ৰাচ্য, দক্ষিণ পূব এছিয়া আৰু পূব আফ্ৰিকাক সামৰি লৈছে। কোম্পানীটোৰ মূলমন্ত্ৰ হৈছে আটাইতকৈ যুক্তিসঙ্গত আৰু সুলভ মূল্যত সৰ্বশ্ৰেষ্ঠ মানদণ্ডৰ সামগ্ৰী প্ৰদান কৰা।

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu