মুজাক্কিৰ আলম

ৰূপহীহাট : ৰূপহীহাট আৰক্ষীৰ জালত চাৰিজনকৈ কুখ্যাত ডকাইত। ধৃত চাৰিজন ডকাইৰ ভিতৰত এজন নকল নোট ব্যৱসায় চক্ৰৰ লগতো জড়িত। ডকাইত কেইজন ডকাইতিৰ লগতে বহু অপৰাধজনীত ঘটনাৰ লগত জড়িত।

নগাঁও জিলাৰ ৰূপহীহাটত চাৰিজনকৈ কুখ্যাত ডকাইত আৰক্ষীৰ জালত পৰিছে। ৰূপহীহাট আৰক্ষীয়ে ডকাইত চাৰিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এক গোপন খবৰৰ ভিত্তিত ৰূপহীহাট আৰক্ষীয়ে অভিযান চলাই এই সাফল্য লাভ কৰিবলৈ সক্ষম হয়।

গোপন খবৰৰ ভিত্তিত ৰূপহীহাট আৰক্ষীয়ে চলোৱা অভিযানত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মুক্তাৰ হুছেইন, শ্বৰীফুল ইছলাম, জিয়াবুৰ ৰহমান আৰু শ্বেখ ফৰিদ নামৰ চাৰিজন কুখ্যাত ডকাইতক। ধৃত ডকাইত কেইজনৰ শ্বৰীফুল ইছলাম নামৰ ডকাইতজন নকল নোট ব্যৱসায় চক্ৰৰ সদস্য বুলিও জানিব পৰা গৈছে।

ধৃত ডকাইত চাৰিজন ডকাইতিৰ লগতে বিভিন্ন অপৰাধজনীত ঘটনাৰ লগত জড়িত। ৰূপহীহাট আৰক্ষীয়ে ধৃত ডকাইত কেইজনৰ বিৰুদ্ধে ৩৫/২০২২ নম্বৰৰ গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে ডকাইত চাৰিজনক মৰাথান জেৰা চলাই থকা বুলিও জানিব পৰা গৈছে।