Assamese Web Series : ৰীলড্ৰামাত উপলব্ধ অসমীয়া ৱেব চিৰিজ ট্ৰজান

In বিনোদন, ৰাজ্য
Umra Package

গুৱাহাটী : শেহতীয়াকৈ ‘ট্ৰজান’ শীৰ্ষক অসমীয়া ৱেব চিৰিজখনে (Assamese Web Series) ইয়াৰ অভিনৱ কাহিনীৰ বাবে দৰ্শকৰ পৰা প্ৰশংসনীয় সমালোচনা লাভ কৰা দেখিবলৈ পোৱা গৈছে। অ’টিটি প্লেটফৰ্ম ৰীলড্ৰামাত উপলব্ধ হোৱা ন-খণ্ডযুক্ত ‘ট্ৰজান’ হৈছে ধ্ৰুৱ জে বৰদলৈ আৰু হিমজ্যোতি তালুকদাৰৰ দ্বাৰা পৰিচালিত অসমৰ প্ৰথমখন শ্লো বাৰ্ণ-চাচপেন্স অপৰাধমূলক নাটক।

ৰীলড্ৰামাৰ পৰিচালকদ্বয় কুহেলি দাসগুপ্তা আৰু সুমিত দাসগুপ্তাৰ দ্বাৰা প্ৰযোজিত এই আকৰ্ষণীয় ৱেব চিৰিজত কেনেদৰে গুৱাহাটীত ৰেনছমৱেৰ আক্ৰমণৰ কথা ফাদিল হয় আৰু চি আই ডিয়ে অনুসন্ধানৰ জৰিয়তে চাইবাৰ আক্ৰমণৰ মূললৈ যায় সেয়া দেখুওৱা হৈছে। প্ৰতিটো খণ্ডৰ সৈতে, ৱেব আক্ৰমণে ৰাজ্যখনৰ মূল চালিকাশক্তিক ক্ৰমান্বয়ে আঘাত হানিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ লগে লগে ঘটনাটো অধিক গহীন হৈ পৰে।

ৱেব চিৰিজটোৰ দৃশ্যপট সম্পৰ্কে মন্তব্য ৰাখি পৰিচালক-সম্পাদক ধ্ৰুৱ জে বৰদলৈয়ে কয়, “মোৰ প্ৰত্যাহ্বান আছিল দৃশ্যপটটো সুসংগত আৰু আকৰ্ষণীয় কৰি ৰখা। মই এটা ধীৰগতিৰে আগবাঢ়ি যোৱা কাহিনী প্ৰস্তুত কৰি তোলাৰ সিদ্ধান্ত লৈছিলো য’ত চৰিত্ৰ আৰু তেওঁলোকৰ অনুপ্ৰেৰণাই চাচপেন্স আৰু উদ্দীপনা নেহেৰুৱাই কাহিনীটো নিপুণভাৱে আগুৱাই লৈ যায়।

বিশ্বাস কৰিব পৰাবিধৰ ভিএফএক্স প্ৰয়োগ কৰাটোও এটা গুৰুত্বপূৰ্ণ বিষয় আছিল। মই যি পৰিচালনা কৰোঁ সেয়া সম্পাদনা কৰিবলৈ ভাল পাওঁ আৰু ‘ট্ৰজান’ৰ ক্ষেত্ৰতো কথাটো বেলেগ নাছিল।” এটা কাৰিকৰী বিষয়ৰ ওপৰত আধাৰিত হ’লেও, এই শেহতীয়া চাইবাৰ অপৰাধমূলক চিৰিজটো সাধাৰণ দৰ্শকৰ কথা মনত ৰাখিয়েই প্ৰস্তুত কৰি উলিওৱা হৈছে।

“এই চাইবাৰ অপৰাধমূলক কাহিনীটো লিখাৰ উদ্দেশ্য আছিল কাৰিকৰী বিষয় সম্পৰ্কে দৰ্শকসকলৰ মনত বেমেজালিৰ সৃষ্টি নকৰি আকৰ্ষণীয়, পাৰস্পৰিকভাৱে সম্পৰ্কীয় চৰিত্ৰৰ সৃষ্টি কৰা যিয়ে সমগ্ৰ কাহিনীটোক মনোগ্ৰাহী কৰি আগুৱাই লৈ যাব,” চিৰিজটোৰ লেখক সৌৰিক দত্তই কয়। ৱেব চিৰিজটোত সুৰ্য্যশিখা দাস, সঞ্জীব শৰ্মা, ধনঞ্জয় দেবনাথ, স্বগত ভৰালী, ড০ জয়ন্ত দাস, দেৱজিৎ মজুমদাৰ, দেবজিৎ হাজৰিকা, মিন্টু বৰুৱা, জলী লস্কৰ, অক্ষিত গোস্বামী,

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu