গুৱাহাটী, ২ জুন, ২০২৩ : জাতীয় মহিলা শক্তিৰ (Jatiya Mahila Sakti) প্ৰতিবাদী কাৰ্যসূচী। অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তিৰ প্ৰতিবাদত উত্তাল হৈ পৰে আকাশ বতাহ। জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি শুকুৰবাৰে মহানগৰীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় মহিলা শক্তিয়ে।

আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ সুবিচাৰৰ দাবীত শুকুৰবাৰে (২ জুন) আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তি, কামৰূপ মহানগৰ সমিতিৰ উদ্যোগত তথা অসম জাতীয় পৰিষদৰ জিলা সমিতিৰ সহযোগত মহানগৰীৰ জু ৰ’ডৰ কমাৰ্চ পইন্টত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসম জাতীয় পৰিষদে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজন মৃত্যুৰ এক নিৰপেক্ষ উচ্চস্তৰীয় আইনী তদন্তৰ দাবী জনায়।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত জিলা মহিলা শক্তিৰ সভানেত্ৰী বুলুমণি গগৈ, সম্পাদিকা মুনমুন মজুমদাৰ, কেন্দ্ৰীয় যুটীয়া সম্পাদিকাদ্বয় কাকলি বৰদলৈ, মৌচুমী বৰা, সাংগঠনিক সম্পাদিকা ৰুনুমী বৰা, অজাপৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সঞ্জীৱ কুমাৰ বৰা, অজাপৰ জিলা সমিতিৰ সভাপতি দীপক দেৱ চৌধুৰী, উপ-সভাপতি মনোজ বসুমতাৰী, সম্পাদক ৰূপ কুমাৰ দাস তথা জাতীয় যুৱ শক্তিৰ বিষয়ববীয়া সদস্যসকলৰ লগতে মহিলা সতীৰ্থসকল উপস্থিত থাকে। ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ লগতে অসম জাতীয় পৰিষদেও জোনমণি ৰাভাৰ মৃত্যুৰ নিৰপেক্ষ তদন্তৰ দাবী জনাই আহিছে।

উল্লেখ্য যে জখলাবন্ধাত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ এক ৰহস্যজনক পথ দুর্ঘটনাত মৃত্যু হৈছিল। প্ৰথম অৱস্থাত জোনমণি ৰাভাৰ মৃত্যু পথ দুর্ঘটনাত হৈছিল বুলি প্ৰকাশ পাইছিল যদিও পৰৱৰ্তী সময়ত জোনমণি ৰাভাৰ মৃত্যু ৰহস্যৰ মাজত সোমাই পৰিছিল। জোনমণি ৰাভাৰ মাতৃয়ে জোনমণি ৰাভাক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। আনকি জোনমণি ৰাভাৰ হত্যাৰ লগত আৰক্ষীৰ লোক জড়িত থকাৰ অভিযোগ কৰিছিল জোনমণি ৰাভাৰ মাতৃয়ে।

ইফালে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে পোহৰলৈ আহিছিল ৰাজ্যত চলি থকা নকল সোণ আৰু জাল নোট চক্ৰৰ তথ্য। আনকি এই চক্ৰৰ লগত নাম সাঙোৰ খাইছিল আৰক্ষীৰো। এই ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পিছতে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছিল চি আই ডিক। পৰৱৰ্তী সময়ত চৰকাৰে ইয়াৰ তদন্ত চি বি আইক দিয়াৰ ঘোষণা কৰিছিল যদিও বৰ্তমানলৈকে চি বি আইয়ে জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত হাতত লোৱা নাই।