গুৱাহাটী, ০৩ জুন, ২০২৩: ডিব্ৰুগড় আৰু চেকেন্দ্ৰাবাদৰ মাজত গ্ৰীষ্মকালীন বিশেষ ৰে’ল সেৱা সম্প্ৰসাৰণ (Special Summer Train)। যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে, ডিব্ৰুগড় আৰু চেকেন্দ্ৰাবাদৰ মাজত উভয় দিশত আৰু চাৰিটা ট্ৰিপৰ বাবে গ্ৰীষ্মকালীন বিশেষ ৰে’ল সেৱা সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ৰে’লখন ইয়াৰ বিদ্যমান সময় আৰু ষ্টপেজৰ সৈতে চলিব।

সেই অনুসৰি, ৰে’ল নং ০৭০৪৬ (চেকেন্দ্ৰাবাদ-ডিব্ৰুগড়) বিশেষ ৰে’লখন ৫ জুনৰ পৰা ২৬ জুন, ২০২৩ তাৰিখ পৰ্যন্ত প্ৰতি সোমবাৰে চেকেন্দ্ৰাবাদৰ পৰা ১১.০০ বজাত প্ৰস্থান কৰি বুধবাৰে ২০.৫০ বজাত ডিব্ৰুগড়ত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰেল নং ০৭০৪৭ (ডিব্ৰুগড়-চেকেন্দ্ৰাবাদ) বিশেষ ৰে’লখন ৮ জুনৰ পৰা ২৯ জুন, ২০২৩ পৰ্যন্ত প্ৰতি বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ পৰা ০৯.২০ বজাত প্ৰস্থান কৰি শনিবাৰে ১৬.৩০ বজাত চেকেন্দ্ৰাবাদত গৈ উপস্থিত হ’ব।

উভয় দিশৰ যাত্ৰাৰ সময়ত, বিশেষ ৰে’লখন শিমলুগুড়ী জংচন, মৰিয়নি জংচন, লামডিং জংচন, গোৱালপাৰা, নিউ জলপাইগুড়ী, মালদা টাউন, খড়গপুৰ জংচন, ভুৱনেশ্বৰ, পালাচা, বিশাখাপত্তনম, বিজয়াৱাড়া, গুন্টুৰ আৰু নালগোণ্ডা ষ্টেশ্যন হৈ চলিব। ২২ টা ডবাৰে গঠিত ৰে’লখনত যাত্ৰীসকলৰ বাবে এচি ২-টায়াৰ, এচি ৩-টায়াৰ, শ্লীপাৰ শ্ৰেণী আৰু সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবা থাকিব।

দক্ষিণ ভাৰত অভিমুখে যাত্ৰা কৰা অন্যান্য ৰে’লৰ প্ৰতীক্ষাসূচীত থকা যাত্ৰীসকলে এই গ্ৰীষ্মকালীন বিশেষ ৰে’লখনৰ সেৱা লাভ কৰিব পাৰিব। এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ আছে আৰু বিভিন্ন বাতৰি কাকত, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য চাবলৈ অনুৰোধ জনোৱা হৈছে।

দক্ষিণ-পূব ৰে’লৱেৰ অন্তৰ্গত খড়গপুৰ আৰু ভদ্ৰক খণ্ডৰ মাজত ১২৮৪১ (শালিমাৰ-চেন্নাই চেণ্ট্ৰেল) কৰমণ্ডল এক্সপ্ৰেছ লাইনচ্যুত হোৱাৰ পৰিপ্ৰেক্ষিতত কেইবাখনো ৰে’লৰ সেৱা বাতিল কৰা হৈছে। ৬ জুন, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং. ১২৫১০ (গুৱাহাটী-এছএমভিটি বেংগালুৰু) এক্সপ্ৰেছ ৰে’লখন বাতিল থাকিব। ০৭ জুন, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং. ১২৫৫২ (কামাখ্যা-এছএমভিটি বেংগালুৰু) এক্সপ্ৰেছ ৰে’লখন বাতিল থাকিব।

ইয়াৰ লগতে ৩ জুন, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ০৬০৭৪ (ৰঙাপাৰা নৰ্থ-ইৰোড জংচন) বিশেষ ৰে’লখন বাতিল কৰা হৈছে। ৩ জুন, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং. ২২৫০৪ (ডিব্ৰুগড়-কন্যাকুমাৰী) বিবেক এক্সপ্ৰেছ ৰে’লখন বাতিল কৰা হৈছে। ৩ জুন, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ২২৫১২ (কামাখ্যা-লোকমান্য তিলক টাৰ্মিনাস) কৰ্মভূমি এক্সপ্ৰেছ ৰে’লখন বাতিল কৰা হৈছে।