গুৱাহাটী, ১ জুন, ২০২৩ : এক চাঞ্চল্যৰ ঘটনা। বাকচৰ ভিতৰত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ। স্বামীয়ে হত্যা কৰি মৃতদেহ (Husband killed wife) বাকচৰ ভিতৰত ভৰাই থোৱাৰ সন্দেহ। কেইবাদিন পূৰ্বে মহিলা গৰাকীক হত্যা কৰা হৈছিল। মৃতদেহ উৱলি অঞ্চলজুৰি দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হোৱাত পোহৰলৈ আহে এই ঘটনা।

পুনৰ এক নৃশংস হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। এগৰাকী মহিলাক স্বামীয়ে হত্যা কৰি ঘৰৰ ভিতৰতে বাকচত ভৰাই লুকুৱাই ৰাখিছিল। কেইবাদিন পূৰ্বে সংঘটিত হোৱা এই হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহে বৃহস্পতিবাৰে (১ জুন)। উৱলি যোৱা মৃতদেহৰ দুৰ্গন্ধ অঞ্চলটোত বিয়পি পৰাত মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ হয় বাকচৰ ভিতৰত। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মহানগৰীত।

গুৱাহাটী মহানগৰীৰ লালুংগাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। লালুংগাঁৱৰ ১০ নং ভাড়া ঘৰত বাকচত ভিতৰত উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ। মৃত মহিলা গৰাকীৰ নাম বাসন্তী বুলি জানিব পৰা গৈছে। মহিলা গৰাকীক স্বামীয়ে কিছুদিন পূৰ্বে হত্যা কৰি বাকচ ভিতৰত লুকুৱাই ৰখাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। মৃত বাসন্তীৰ স্বামী ৰাজু বৈশ্য পলাতক অৱস্থাত আছে।

ঘটনাৰ খবৰ পাই ঘটনাস্থলীত গড়চুক আৰক্ষী উপস্থিত হৈ মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্ত পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰিছে। জানিব পৰা মতে হত্যাৰ বলি হোৱা বাসন্তী নামৰ মহিলা গৰাকী ৰাজু বৈশ্যৰ দ্বিতীয় পত্নী। এসপ্তাহ পূৰ্বে উক্ত ভাড়া ঘৰখনত আহিছিল দুয়ো স্বামী-স্ত্ৰী।

বাসন্তীৰ পলাতক স্বামী ৰাজু বৈশ্য মালিগাঁৱৰ বাসিন্ধা বুলিও জানিব পৰা গৈছে। এসপ্তাহ পূৰ্বে লালুংগাঁৱৰ ভাড়া ঘৰলৈ অহা ৰাজু বৈশ্যই কি কাৰণত পত্নীক হত্যা কৰিলে এই সম্পৰ্কে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ৰাজু বৈশ্যক গ্ৰেপ্তাৰ কৰি জেৰা কৰিলেহে হত্যাকাণ্ডৰ কাৰণ পোহৰলৈ আহিব। ৰাজু বৈশ্যৰ দ্বিতীয় পত্নী বাসন্তীৰ ঘৰ কাৰ্বি আংলংত বুলি জানিব পৰা গৈছে।