মানকাচৰ : মানকাচৰত পঞ্চায়ত ভিত্তিক পূৰ্বাঞ্চল প্ৰিমীয়াম লীগ-২ লীগ। পঞ্চায়ত ভিত্তিক পূৰ্বাঞ্চল প্ৰিমীয়াম লীগ-২ লীগৰ চূড়ান্ত খেলখনত ভুৰাকাটা গাঁও পঞ্চায়তৰ হাতত পৰাস্ত হয় ঝাওডাঙ্গা গাঁও পঞ্চায়ত। চূড়ান্ত খেলৰ শুভাৰম্ভ কৰিলে জিলা আৰক্ষী অধীক্ষক আৰু বিধায়কে।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ অসম মেঘালয় সীমান্তবৰ্তী কালাপানীত বিগত প্ৰায় দুই মাহ ধৰি অনুষ্ঠিত হৈ থকা পঞ্চায়ত ভিত্তিক পূৰ্বাঞ্চল প্ৰিমীয়াম লীগ-২ ৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয়। চূড়ান্ত খেলখন ভূৰাকাটা গাঁও পঞ্চায়ত আৰু ঝাওডাঙ্গা দলৰ মাজত অনুষ্ঠিত হয়। এই চূড়ান্ত খেলখনৰ শুভাৰম্ভ কৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষী অধীক্ষক সুবোদ কুমাৰ সোনোৱাল আৰু মানকাচৰৰ বিধায়ক আমিনুল ইছলামে।

চূড়ান্ত খেলখনত ঝাওডাঙ্গা পঞ্চায়ত দল টচত জয়ী হৈ ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়।ভুৰাকাটা দলে প্ৰথমে ভেটিং কৰি নিৰ্ধাৰিত ২০ অভাৱত ৯ উইকেট হেৰুৱাই ১৫৭ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ঝাওডাঙ্গা গাঁও পঞ্চায়ত দল ১৯.৫ অভাৱত আটাইকেইটা উইকেট হেৰুৱাই ১২৪ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ভুৰাকাটা দলে ঝাওডাঙ্গা দলক ৩৩ ৰাণত পৰাস্ত কৰে।

চূড়ান্ত খেলখনত ভুৰাকাটা দলৰ হৈ অপু বিশ্বাস ৫০ ৰানৰ বৰঙণি আগবঢ়াই ২ উইকেট লাভ কৰি মেন অফ দ্যা মেচৰ খিতাপ দখল কৰে। আনহাতে ভূৰাকাটা দলৰ বিস্ফোৰক বেটছম্যান ৰুহুল আমিন ম্যান অফ দ্যা টুৰ্ণামেণ্টৰ খিতাপ দখল কৰে। একেদৰে চূড়ান্ত খেলখনত পৰাস্ত হোৱা ৰানাৰ্ছ আপ দলৰ অধিনায়ক জাকিৰুল ইছলাম টুৰ্ণামেণ্টখনত ২২ টা উইকেট লাভ কৰি শ্ৰেষ্ঠ বলাৰৰ খিতাপ অর্জন কৰে।

চূড়ান্ত বিজয়ী দলক এখন ট্ৰফী আৰু নগদ ১ লাখ টকাৰে পুৰস্কৃত কৰাৰ লগতে ৰানাৰ্ছ আপ দলক ট্ৰফী আৰু নগদ ৬০ হেজাৰ টকাৰে সন্মান প্ৰদান কৰা হয়। চূড়ান্ত খেলখনত উপস্থিত থাকে টুৰ্ণামেণ্টখনৰ সভাপতি ছাজিদুজ জামান আৰু মানকাচৰৰ এআইইউডিএফ দলৰ বিধায়ক আমিনুল ইছলাম। উল্লেখ্য যে চূড়ান্ত খেলখন চাবলৈ বহু সংখ্যক দৰ্শক উপস্থিত থাকে।