জোনমণি বেগম

বিশ্বনাথ : বিশ্বনাথত উত্তাল প্ৰতিবাদ। বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখভাগ কপালে প্ৰায় পাঁচ শতাধিক লোকে। হিমন্ত তোমাৰ কাম নাই, নৰেন্দ্ৰ মোদী গ’বেক শ্ল’গানেৰে উত্তাল হৈ পৰে বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ আকাশ-বতাহ।

নিৰ্বাচনৰ পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষাত কৰাত বিজেপি চৰকাৰখন সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগত বিশ্বনাথত উত্তাল প্ৰতিবাদ। নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ছায় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বিজেপি চৰকাৰখনে আজি পৰ্যন্ত পূৰণ নকৰিলে এই প্ৰতিশ্ৰুতি।

চাহ জনগোষ্ঠী, আহোম, কোচ ৰাজবংশী, মৰাণ মটক আৰু চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদাৰ দাবী প্ৰদানৰ দাবীত ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ উদ্যোগত বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুই ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয়। প্ৰতিবাদকাৰী সকলে হিমন্ত তোমাৰ কাম নাই, নৰেন্দ্ৰ মোদী গ’বেক শ্ল’গানেৰে উত্তাল কৰি তোলে আকাশ-বতাহ।

বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টা ধৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ নিৰ্বাচনৰ পুৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ বাবে স্মাৰক পত্ৰ প্ৰদান ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই। ধৰ্ণা কাৰ্যসূচীত আটছাৰ সভাপতি ধীৰাজ গুৱালা, টাইপাৰ সহ-সম্পাদক ৰাজীৱ গগৈ, মৰাণ ছাত্ৰ সন্থাৰ সহ-সম্পাদক মদন দূৱৰা, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সহ-সম্পাদক দিব্যজ্যোতি ডেকাকে ধৰি প্ৰায় পাঁচ শতাধিক লোকে অংশগ্ৰহণ কৰে।