গুৱাহাটী : অসম এথলেটিকচ সন্থাৰ উদ্যোগত আৰু অসম ক্ৰীড়া প্ৰাধিকৰণৰ সহযোগত গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকচ ষ্টডিয়ামত ৮ মাৰ্চৰ পৰা আৰম্ভ হোৱা ৪৩ সংখ্যক আন্তঃজিলা জুনিয়ৰ-ছিনিয়ৰ এথলেটিকচ প্ৰতিযোগিতা‌ৰ সফল সামৰণি পৰে। ৩৭ খন জিলাৰ ৯৬৪ গৰাকী এথলীটে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত ২৪ টা সোণৰ, ১৪ টা ৰূপৰ আৰু ১১ টা ব্ৰঞ্জৰ পদক লাভ কৰি ৩১৫ পইন্টেৰে গুৱাহাটীয়ে চেম্পিয়নৰ খিতাপ দখল কৰে।

আনহাতে তালিকাত ডিব্ৰুগড় জিলাই ৬ টা সোণ, ১৩ টা ৰূপ আৰু ১৭ টা ব্ৰঞ্জৰ পদক লাভ কৰি ২২২ পইন্টেৰে দ্বিতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰে, লগতে ১৫ টা সোণৰ, ১১ টা ৰূপৰ আৰু ৭ টা ব্ৰঞ্জৰ পদকেৰে পদক তালিকাৰ তৃতীয় স্থানত থাকে শিৱসাগৰ জিলা। প্ৰতিযোগিতাৰ ভিন্ন ইভেন্টত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন আগবঢ়াই প্ৰতিটো শাখাত শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰা খেলুৱৈসকল ক্ৰমে ১৪ বছৰ অনুৰ্ধ্ব লৰা শাখাৰ ওদালগুৰি জিলাৰ বিনয় বড়ো, ১৪ বছৰ অনুৰ্ধ্ব ছোৱালী শাখাৰ গুৱাহাটীৰ স্পৰ্শাজ্যোতি বৰা। ১৬ বছৰ অনুৰ্ধ্ব লৰা শাখাৰ গুৱাহাটীৰ কপিল লাহন, ১৬ বছৰ অনুৰ্ধ্ব ছোৱালী শাখাৰ গুৱাহাটীৰ ৰিমঝিম শইকীয়া।

আনহাতে ১৮ বছৰ অনুৰ্ধ্ব লৰা শাখাৰ গুৱাহাটীৰ ঈদুল হুছেইন, ১৮ বছৰ অনুৰ্ধ্ব ছোৱালী শাখাৰ গুৱাহাটীৰ শিল্পী দাস, ২০ বছৰ অনুৰ্ধ্ব লৰা শাখাৰ লখিমপুৰৰ অৰূপজ্যোতি গগৈ, ২০ বছৰ অনুৰ্ধ্ব ছোৱালী শাখাৰ মাৰ্ঘেৰিটাৰ প্ৰতীক্ষা বৰুৱা, পুৰুষ শাখাত গুৱাহাটীৰ দিবাকৰ ছৌবে আৰু মহিলা শাখাত কোকৰাঝাৰৰ অম্ব্ৰিকা নাৰ্জাৰীয়ে শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে।প্ৰতিযোগিতাৰ সফল ৰূপায়নত সহযোগিতা আগবঢ়োৱা খেলুৱৈ, প্ৰশিক্ষক, মেনেজাৰ, অফিচিয়েল, স্বেচ্ছাসেৱক আৰু দৰ্শকসকলক ধন্যবাদ জ্ঞাপন কৰিছে অসম এথলেটিকচ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু অসম এথলেটিকচ্ সন্থাৰ সম্পাদক অশোক ভড়ালীয়ে।

প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠানত বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰা হয়। বঁটা সমূহ প্ৰদান কৰে অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ আয়ুক্ত সচিব ড৹ সিদ্ধাৰ্থ সিং, ভাৰতীয় এথলেটিকচ ফেডাৰেছনৰ টেকনিকেল কমিটিৰ অধ্যক্ষ ষ্টেনলী জোনছ, অসম এথলেটিকচ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ, অসম এথলেটিকচ সন্থাৰ সম্পাদক অশোক ভড়ালী, আন্তঃৰাষ্ট্ৰীয় এথলীট তৈবুননিছা, এথলেটিকচ প্ৰশিক্ষক নিপন দাস আৰু ক্ৰীড়াক্ষেত্ৰৰ বহুকেইগৰাকী গন্য-মান্য ব্যক্তিয়ে।