বৰহাট, ১৫ জুনঃ চৰাইদেউৰ সোণাৰি সমষ্টিৰ সাপেখাতি শিক্ষা খণ্ডৰ অন্তৰ্গত নকছাৰী নিম্ন প্ৰাথমিক বিদ্যালয়লৈ যোৱাৰ সুচল পথ নথকাত অঞ্চলবাসীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীয়ে বিগত কেবাবছৰ ধৰি ৰেল লাইনৰ লগতে ৰেল দলঙৰ তলেৰে বিপদজনক ভাবে বিদ্যালয়লৈ যাতায়ত কৰিছে৷ বৰহাট-বৰুৱানগৰ সংযোগী ৰূপশ্ৰী পথ সংযোগী এখন বাঁহৰ দলং আছিল যদিও বৰ্তমান সেইখন জহি খহি নিঃশেষ হৈছে৷ পূৰ্বৰ চৰকাৰৰ দিনত  স্থানীয় ৰাইজ কেইবাবাৰো আৱেদন নিবেদন কৰাৰ  পিছতো চৰকাৰখনে দলংখন নিৰ্মাণৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলবাসীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ দৈনিক ৰেলৰ দলং খনৰ তলেৰে বিপদজনক ভাবে যাতায়ত কৰোতে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে বুলি স্থানীয় ৰাইজ অভিযোগ উত্থাপন কৰিছে৷ স্থানীয় ৰাইজৰ লগতে অঞ্চলটোৰ বহু কেইটা জাতীয় সংগঠনে শীঘ্ৰে বিদ্যালয় খনলৈ যোৱাৰ পথ নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে। আগন্তক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিদ্যালয় খনলৈ যোৱাৰ পথ নিৰ্মাণ নকৰিলে  অঞ্চলটোৰ ভোক্তভোগী ৰাইজে পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ দিয়ে ।