নলবাৰী ১৪ জুনঃ কেন্দ্ৰত বিজেপি চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে জিলা প্ৰশাসন আৰু অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত নলবাৰীত সবকা সাথ সবকা বিকাশ অনুষ্ঠানৰ আয়োজন কৰা হয়। নলবাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত অনুষ্ঠিত অনুষ্ঠানটোত অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ ৰমেন ডেকা, বিধায়ক অশোক শৰ্মা, বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিলীপ শইকীয়া উপস্থিত থাকে৷ সভাত চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্যখনৰ উদ্যোগ খণ্ডৰ বিভিন্ন দিশ সৰ্ম্পকে ভাষণত বক্তব্য দিয়ে৷ তেওঁ অনাগত চাৰিটা বছৰত অসমত উদ্যোগীকৰণ কৰি নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ প্ৰতিশ্ৰুতি দিয়ে ।