তিনিচুকীয়া : ড্ৰাগছ বিৰোধী অভিযানৰ আন এক বৃহৎ সাফল্য। এইবাৰ ৰে’লৱে আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই লাভ কৰিছে এই বৃহৎ সাফল্য। ৰে’লযোগে ব্ৰাউন ছুগাৰ সৰবৰাহ কৰা দুগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে ৰে’লৱে আৰক্ষীয়ে। জব্দ কৰিছে ৩ কোটি টকা মূল্যৰ ব্ৰাউন ছুগাৰ।

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে যদিও ড্ৰাগছ সৰবৰাহকাৰী সকলে চলাই গৈছে ড্ৰাগছৰ সৰবৰাহ। আৰক্ষীৰ অভিযানৰ প্ৰতি লক্ষ্য ৰাখি ড্ৰাগছ সৰবৰাহকাৰী সকলে ন ন কৌশল অৱলম্বন কৰিছে ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত। পথযোগে এঠাইৰ পৰা আন ঠাইলৈ ড্ৰাগছ সৰবৰাহ কৰাটো কঠিন হৈ পৰাত ড্ৰাগছ সৰবৰাহকাৰী সকলে ৰে’লযোগে ড্ৰাগছ সৰবৰাহত অধিক গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে।

বিগত কিছুদিন ধৰি ৰে’লযোগে ড্ৰাগছ তথা নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ কেইবাটাও চেষ্টা বিফল কৰিছে ৰে’লৱে আৰক্ষীয়ে। ইয়াৰ মাজতে বুধবাৰে নিউ তিনিচুকীয়া ৰে’ল ষ্টেচনত ৰে’লৱে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ জব্দ কৰি এক বৃহৎ সাফল্য লাভ কৰিছে। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ৰে’লৱে আৰক্ষীয়ে দুগৰাকী মহিলাক বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

ৰে’লৱে আৰক্ষীয়ে ১৫৬০৩ নম্বৰৰ কামাখ্যা-লিডু ইন্টাৰচিটি এক্সপ্ৰেছত অভিযান চলাই দুগৰাকী মহিলাৰ কবলৰ পৰা ৩০ টাকৈ চাবোনৰ বাকচত এই বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ জব্দ কৰে। মহিলা দুগৰাকীয়ে ডিমাপুৰৰ পৰা ব্ৰাউন ছুগাৰখিনি আনিছিল বুলি জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বেও মহিলা দুগৰাকীয়ে ৰে’লযোগে ড্ৰাগছ সৰবৰাহ কৰিছিল বুলিও সাংবাদিকক কয়।

ধৃত মহিলা দুগৰাকী নাগালেণ্ডৰ ডিমাপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ডিমাপুৰৰ পৰা দুলীয়াজানলৈ ব্ৰাউন ছুগাৰখিনি লৈ আহি থকা অৱস্থাত মহিলা দুগৰাকী ৰে’লৱে আৰক্ষীৰ জালত পৰে। জব্দকৃত ব্ৰাউন ছুগাৰখিনিৰ বজাৰ মূল্য প্ৰায় ৩ কোটি টকা হ’ব বুলি ৰে’লৱে আৰক্ষীয়ে অনুমান কৰিছে। নিউ তিনিচুকীয়া ৰে’লৱে আৰক্ষীয়ে অধিক তথ্যৰ বাবে মহিলা দুগৰাকীক জেৰা চলাই আছে।