গুৱাহাটী, ৫ অক্টোবৰ, ২০২৩ : ভাৰতীয় ৰে’লৱেই (Indian Railway) ১ অক্টোবৰ, ২০২৩ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ যাত্ৰীবাহী ৰে’লসমূহৰ বাবে নতুন সৰ্বভাৰতীয় সময়সূচী প্ৰকাশ কৰিছে। বহুতো নিৰ্ধাৰিত/বিশেষ ৰে’লৰ যাত্ৰাৰ আৰম্ভণি, সমাপ্তিৰ ষ্টেচন আৰু ষ্টপেজৰ সময়সূচী সংশোধন কৰা হৈছে। তদুপৰি, যাত্ৰা সময় হ্ৰাস কৰিবলৈ কিছুমান ৰে’লৰ গতি বৃদ্ধি কৰা হৈছে।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধিক্ষেত্ৰৰ অধীনত ৭২ খন ৰে’লৰ যাত্ৰাৰ সময় ৫ মিনিটৰ পৰা ১২০ মিনিটলৈ হ্ৰাস কৰা হৈছে। কেইখনমান গুৰুত্বপূৰ্ণ ৰে’ল, যিসমূহৰ যাত্ৰাৰ সময় হ্ৰাস কৰা হৈছে, সেইসমূহৰ ভিতৰত আছে ৰে’ল নং ২০৫০৬ (নিউ দিল্লী-ডিব্ৰুগড়) ৰাজধানী এক্সপ্ৰেছ-১০ মিনিট, ৰে’ল নং. ১৫০৭৭ (কামাখ্যা-গোমতী নগৰ) এক্সপ্ৰেছ-৯০ মিনিট, ৰে’ল নং ১৫৯৬০ (ডিব্ৰুগড়-হাওড়া) কামৰূপ এক্সপ্ৰেছ-১০০ মিনিট, ৰে’ল নং ০১৬৬৬ (আগৰতলা-ৰাণী কমলাপতি) উৎসৱ বিশেষ ১২০ মিনিট ইত্যাদি। তদুপৰি, ৰে’ল নং ১৫৯৬২ (ডিব্ৰুগড়-হাওড়া) কামৰূপ এক্সপ্ৰেছ ৰে’লখনৰ চলাচলৰ দিন বৰ্তমানৰ বৃহস্পতিবাৰ আৰু দেওবাৰৰ পৰিৱৰ্তে শুক্ৰবাৰ আৰু সোমবাৰে চলাচলৰ বাবে সংশোধন কৰা হৈছে।

ৰে’ল নং ১৫৬১৫ (গুৱাহাটী-শিলচৰ) এক্সপ্ৰেছৰ বাবে গুৱাহাটী/শিলচৰত আগমন/প্ৰস্থানৰ সময় সলনি কৰা হৈছে। ৰে’ল নং ১৩১৪৫ (কলকাতা-ৰাধিকাপুৰ) এক্সপ্ৰেছৰ মালদা টাউন ষ্টেচনৰ পৰা প্ৰস্থানৰ সময় ৰাতিপুৱা ২.৫০ বজাত আৰু ৰাধিকাপুৰত উপস্থিত হোৱাৰ সময় ৰাতিপুৱা ৬.১৫ বজাত। ৰে’ল নং ১৩১৬১ (কলকাতা-বালুৰঘাট) এক্সপ্ৰেছৰ বাবে মালদা টাউন ষ্টেচনৰ পৰা প্ৰস্থানৰ সময় ১৮.৫০ বজাত আৰু বালুৰঘাটত উপস্থিত হোৱাৰ সময় ২১.২৫ বজাত। ৰে’ল নং ১৫৯৬১ (হাওড়া-ডিব্ৰুগড়) কামৰূপ এক্সপ্ৰেছৰ মালদা টাউন ষ্টেচনৰ পৰা প্ৰস্থানৰ সময় ০১.৩৫ বজাত আৰু ডিব্ৰুগড়ত উপস্থিত হোৱাৰ সময় ২২.০০ বজাত আৰু ৰে’ল নং ১৫৯৫৯ (হাওড়া-ডিব্ৰুগড়) কামৰূপ এক্সপ্ৰেছৰ মালদা টাউন ষ্টেচনৰ পৰা প্ৰস্থানৰ সময় ০১.৩৫ বজাত আৰু ডিব্ৰুগড়ত উপস্থিত হোৱাৰ সময় অপৰিৱৰ্তিত হৈ আছে।

তদুপৰি, কেইটামান ষ্টেচনত কেইখনমান যাত্ৰীবাহী বিশেষ আৰু ডেমু যাত্ৰীবাহী বিশেষ ৰে’লৰ আগমন/প্ৰস্থানৰ সময় সলনি কৰা হৈছে। ৰে’ল নং ১৫৬৫১ (গুৱাহাটী-জম্মু তৱী) লোহিত এক্সপ্ৰেছ, ৰে’ল নং ১৫৬৫৩ (গুৱাহাটী-জম্মু তৱী) অমৰনাথ এক্সপ্ৰেছৰ প্ৰস্থানৰ সময় গুৱাহাটীত সলনি কৰা হৈছে। ১৩২৪৭ (কামাখ্যা-ৰাজেন্দ্ৰ নগৰ টাৰ্মিনেল) কেপিটেল এক্সপ্ৰেছ, ৰে’ল নং ১৫০৭৭ (কামাখ্যা-গোমতী নগৰ) এক্সপ্ৰেছ আৰু ১৫৬৫৮ (কামাখ্যা-দিল্লী) ব্ৰহ্মপুত্ৰ মেইল ৰে’লৰ কামাখ্যাৰ পৰা প্ৰস্থানৰ সময় সলনি কৰা হৈছে। ডিব্ৰুগড়ৰ পৰা ৰে’ল নং ১৫৯৬০/১৫৯৬২ (ডিব্ৰুগড়-হাওড়া) কামৰূপ এক্সপ্ৰেছ আৰু ৰে’ল নং ২২৫০৪ (ডিব্ৰুগড়-কন্যাকুমাৰী) বিবেক এক্সপ্ৰেছৰ যাত্ৰাৰ সময় সলনি কৰা হৈছে। ৰে’ল নং ১৫৬২১ (কামাখ্যা-আনন্দ বিহাৰ টাৰ্মিনেল) এক্সপ্ৰেছ কামাখ্যাৰ পৰা পুৱা ৫ বজাত প্ৰস্থান কৰিব আৰু ৰে’ল নং ১৩০৬৪ (বালুৰঘাট-হাওড়া) এক্সপ্ৰেছ বালুৰঘাটৰ পৰা ২০.৪৫ বজাত প্ৰস্থান কৰিব।

শিলচৰ, নিউ জলপাইগুড়ী, শিলঘাট টাউন আদি ষ্টেচনৰ পৰা অন্যান্য বিভিন্ন ৰে’লৰ প্ৰস্থানৰ সময় সলনি কৰা হৈছে। ৰে’ল নং ১৫৯০৯/১৫৯১০ (ডিব্ৰুগড়-লালগড়-ডিব্ৰুগড়) অৱধ অসম এক্সপ্ৰেছৰ ডিমাপুৰ ষ্টেচনত ষ্টপেজৰ সময় বৰ্তমানৰ ৫ মিনিটৰ পৰা ১০ মিনিটলৈ বৃদ্ধি কৰা হৈছে। ৰে’ল নং ১৫৯৪৫/১৫৯৪৬ (লোকমান্য তিলক টাৰ্মিনাছ-ডিব্ৰুগড়-লোকমান্য তিলক টাৰ্মিনাছ) এক্সপ্ৰেছৰ গুৱাহাটী ষ্টেচনত ষ্টপেজৰ সময় বৰ্তমানৰ ১৫ মিনিটৰ পৰা ২৫ মিনিটলৈ বৃদ্ধি কৰা হৈছে। আশা কৰা হৈছে যে নতুন সময়সূচীয়ে উত্তৰ পূব সীমান্ত ৰে’লৱেত ৰে’লৰ পৰিচালন উন্নততৰ কৰাত সহায় কৰিব। যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে যাত্ৰীসকলক নেচনেল ট্ৰেইন এনকুৱাৰি চিষ্টেমত (এনটিইএছ) বাস্তৱ  সময় ভিত্তিত ৰে’লৰ চলাচলৰ স্থিতি আৰু সময়সূচীৰ সবিশেষ তথ্য চাবলৈ অনুৰোধ জনোৱা হৈছে।