গুৱাহাটী, ৬ অক্টোবৰঃ অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ণ প্ৰাধিকৰণ বিধেয়কখন শীঘ্ৰে প্ৰত্যাহাৰ কৰাৰ লগতে আমৰি কাৰ্বি উন্নয়ণ পৰিষদৰ অধ্যক্ষৰ ইন্দ্ৰেশ্বৰ টেৰণৰ দুৰ্নীতিৰ উচিত তদন্ত নকৰিলে ১ নৱেম্বৰৰ পৰা ৰাজ্যজুৰি ব্যাপক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে পাঁচটাকৈ কাৰ্বি সংগঠনে৷ কাৰ্বি সংগঠনকেইটাই এক সংবাদমেলৰ জৰিয়তে এই তথ্য সদৰি কৰি কয় যে, সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাৰ উদোগত ৩০ছেপ্টেম্বৰত সোনাপুৰত আয়োজিত এখন সভাত পাঁচটা কাৰ্বি সংগঠনে এই দুটা বিষয়ৰ ওপৰত স্পষ্ট ঐক্যমতত উপনীত হয়৷ সভাই সৰ্বসিদ্ধান্ত অনুসৰি শেষতীয়াকৈ অনুষ্ঠিত বিধানসভাৰ অধিবেশনত গৃহীত হোৱা অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ণ প্ৰাধিকৰণ বিধেয়কখনক তীব্ৰ বিৰোধিতা কৰে৷ সংগঠনকেইটাই সদৰি কৰা মতে বিধেয়কখন চৰকাৰে কোনো গণ অভিমত নোলোৱাকৈ গৃহীত কৰিছে৷ এই বিধেয়কখনে কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া আৰু চন্দ্ৰপুৰ উন্নয়ণ খণ্ডক সামৰি লোৱাৰ লগতে ৰাভা স্বায়ত্ত শাসিত অঞ্চলসমূহো সামৰি লৈছে৷ এই বিধেয়কখনে ভূমিপুত্ৰ কাৰ্বি, ৰাভা, তিৱাকে ধৰি খিলঞ্জীয়া সকলো জাতি জনজাতিৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু প্ৰধানত বিভিন্ন আঁচনিৰ নামত ভূমিহীন পৰিস্থিতি সৃষ্টি কৰিব সেয়া নিশ্চিত হৈছে৷ এই বিধেয়কখন জনগোষ্ঠী সমূহৰ স্বাৰ্থৰ পৰিপন্থী আৰু সেয়ে শীঘ্ৰে বিধেয়কখন খাৰিজ কৰিব লাগে৷ দ্বিতীয়তে, কাৰ্বি আংলং আৰু ডিমাহাচাও জিলাৰ বাহিৰত বসবাস কৰা কাৰ্বি সকলৰ উন্নয়ণৰ কাৰণে আমৰি কাৰ্বি উন্নয়ণ পৰিষদখন গঠন কৰা হৈছিল৷ এই উন্নয়ণ পৰিষদখন গঠনৰ পৰা বৰ্তমানলৈ কাৰ্য্যভাৰ গ্ৰহণ কৰি থকা অধ্যক্ষ ইন্দ্ৰেশ্বৰ টেৰণে বিভিন্ন দুৰ্নীতি সংঘটিত কৰি আহিছে৷ বিগত ২০১৩-১৪ আৰু ২০১৪-১৫ বিত্তীয় বৰ্ষত উক্ত উন্নয়ণ পৰিষদখনত সৰ্বমুঠ ১৪ কোটি ২০ লাখ টকা চৰকাৰে অনুমোদন দিছিল আৰু উন্নয়ন পৰিষদখনে সৰ্বমুঠ টকাৰ ব্যৱহাৰ কৰা বুলি পৰিষদে চৰকাৰক ব্যৱহাৰিক পত্ৰ জমা দিছিল৷ প্ৰকৃততে, কাৰ্বি জনগোষ্ঠী উন্নয়ণৰ কাৰণে আৱন্টিত টকাৰ বৃহৎ অংশ হৰলুকি হৈছে৷ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়ণ বিভাগৰ যুটীয়া সঞ্চালকে ক্ষেত্ৰ পৰ্য্যবেক্ষণ কৰি দুৰ্নীতিৰ স্পষ্ট প্ৰমাণ কৰিছিল৷ জাতীয় দল সংগঠন তথা স্থানীয় লোকেও সংবাদ মাধ্যমৰ মাজেৰে সকলো তথ্য প্ৰকাশ কৰি আহিছে যদিও বৰ্তমানলৈ কোনো এখন চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই৷ সেয়ে পাঁচটা জনগোষ্ঠীয় সংগঠনে চৰকাৰক ৩১ অক্টোবৰৰ ভিতৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে ১ নৱেম্বৰৰ পৰা ৰাজ্যজুৰি জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷