গোৱালপাৰা, ৬ অক্টোবৰঃ  গোৱালপাৰাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত খলিচাভিটাত নিশা এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। প্ৰাপ্ত তথ্য মতে, খলিচাভিটাৰ এখন কাপোৰৰ দোকানত মাজনিশা প্ৰায় ১২.৩০ত শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লাগে। স্থানীয় শতাধিক লোকে প্ৰায় ২ঘন্টা ধৰি জুই নুমুৱাৰ চেষ্টা কৰে দোকানৰ পৰাই জুই বিয়পি ওচৰৰে প্ৰায় ১৬ খন দোকান জ্বলি ভস্মীভূত হয় আৰু লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায়। খলিচাভিটাৰ স্থানীয় লোকে অভিযোগ কৰা মতে বৰ্তমানলৈ ঘটনাস্থলীত আৰক্ষী তথা অগ্নিনিৰ্বাপক বাহিনী আহি উপস্থিত হোৱা নাই।