খাৰুপেটিয়া, ২৬ জুলাইঃ দৰিদ্ৰ কৃষকক মাধমাৰ শোধাই ঐশ্বৰ্য্যৰ পাহাৰ গঢ়া ৰাজ্যৰ দুৰ্নীতিগ্ৰস্ত বহু কৃষি বিষয়াৰ বিৰুদ্ধে চি আই ডিয়ে তদন্ত অব্যাহত ৰাখিছে৷ অনেক দুৰ্নীতি গ্ৰস্ত কৃষি বিষয়া বৰ্তমান ৰঙাঘৰৰ আলহী যদিও ৰাজ্যখনৰ অন্যতম কৃষিপ্ৰধান জিলা দৰঙৰ কৃষি বিভাগত ইয়াৰ কোনো প্ৰভাৱেই নপৰিল৷ উল্লেখ্য যে, ২০১৪-১৫ বৰ্ষত অনুমোদন হোৱা পাম্পছেট জিলা কৃষি বিভাগৰ  অভিযান্ত্ৰিক শাখাৰ জৰিয়তে যোৱা বছৰ কৃষকৰ মাজত বিতৰণ কৰা হৈছিল ৷ ৰাজসাহাৰ্য্যযুক্ত এনে  ১৮-৩০ হাজাৰ টকীয়া পাম্পছেট বিতৰণৰ নামত বিভাগীয় একাংশ বিষয়া, কনিষ্ঠ অভিযন্তা আৰু কৰ্মচাৰীৰে গঠিত চক্ৰই কৃষকৰ মাজত পাম্পছেট বিতৰণৰ নামত ব্যাপক জালিয়াতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন হৈছে৷ প্ৰাপ্ত তথ্য মতে, ২০১৪-১৫ ত এই মটৰ পাম্পসমূহ আৱন্টন হৈছিল যদিও দৰঙৰ কৃষি অভিযান্ত্ৰিক শাখাৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ে হিতাধিকাৰীৰ তালিকা প্ৰস্তত কৰি ২০১৫ চনৰ শেষৰ ভাগত বিতৰণ শেষ কৰে৷ অভিযোগ মতে, কৃষি অভিযান্ত্ৰিক শাখাই কৃষকৰ মাজত বিতৰণ কৰা সহস্ৰাধিক পাম্প ছেটৰ হিতাধিকাৰীৰ তালিকাত হিতাধিকাৰীৰ নাম, ফটো, ঠিকনাৰ চৰম বিসংগতি দেখা দিছে৷ বহু হিতাধিকাৰীৰ নাম, পিতৃৰ নাম, ঠিকনা একে হোৱাৰ লগতে পাম্প ছেটৰ চেছিছ নম্বৰ পৰ্যন্ত একে হোৱা বুলি অভিযোগ উঠিছে৷ আনহাতে কোনো কোনো হিতাধিকাৰীৰ নাম, পিতৃৰ নাম, গাঁৱৰ নাম সঠিক হ’লেও ব্যক্তিজন ভিন্ন গাঁও পঞ্চায়তৰ বাসিন্দা বুলি দেখুওৱা হৈছে৷ জিলা খনৰ দলগাঁও, বেছিমাৰি, লালপুল, জংগলপাৰা, দৈপাম, বৰুৱাঝাৰ, মাজগাঁও, ছকৰাবস্তি, বৰংগাবাৰী, বালিগাঁৱৰ লগতে বহুত অঞ্চলত  পিতৃৰ নাম পৰ্যন্ত একে থকা খেতিয়কৰ মাজত পাম্প ছেট বিতৰণ কৰা দেখুওৱা হৈছে৷  দৰঙৰ কৃষি অভিযান্ত্ৰিক শাখাৰ এই হিতাধিকাৰীৰ তালিকা তথা পাম্পছেট বিতৰণ প্ৰক্ৰিয়াক এক প্ৰহসন আখ্যা দি দৰং জিলা কৃষক সংঘই জালিয়াতিৰ আশ্ৰয় লৈ ভুৱা হিতাধিকাৰীৰ মাজত কৃষি বিভাগৰ মটৰ পাম্পছেট বিতৰণ কৰা বুলি গুৰুত্বৰ অভিযোগ কৰিছে৷ জলসিঞ্চনৰ বাবে কৃষকৰ মাজত ৰেহাই মূল্যত বিতৰণ কৰিবলগীয়া পাম্পছেটবোৰ মুকলি বজাৰত বিক্ৰি হোৱাৰো অভিযোগ উঠিছে৷ এনে ক্ষেত্ৰত কৃষক সংঘই দীৰ্ঘদিন ধৰি তদন্ত দাবী কৰি অহাৰ পিছতো কৃষি বিভাগে মৌন হৈ থকাত জিলা খনৰ কৃষক সংগঠন সমূহৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে৷