বলীউড আৰু পাঞ্জাৱী সংগীত পৰিচালক ৰাজবীৰ সিঙৰ অসমীয়া গীত মুকলি

In বিনোদন
Umra Package

গুৱাহাটী : বলীউড আৰু পাঞ্জাৱী সংগীত জগতত সংগীত পৰিচালক হিচাপে সুপ্ৰতিষ্ঠিত ৰাজবীৰ সিঙে অসমীয়া আৰু পাঞ্জাৱী ভাষাত প্ৰস্তুত কৰা “মায়াবিনী” শীৰ্ষক এটি গীত গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে মুকলি কৰে। সাংবাদিক হেমন্ত শৰ্মাই আঁতধৰা অনুষ্ঠানটিত মুখ্য অতিথিৰূপে উপস্থিত থাকে প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সাংস্কৃতিক-সামাজিক কৰ্মী উৎপল বনীয়াৰ লগতে গুৱাহাটী প্ৰেছ ক্লাবৰ উপ-সভাপতি ধনীৰাম কলিতা, সাংস্কৃতিক কৰ্মী অভিজিত শৰ্মা।

আৰ এছ প্ৰডাকচনৰ প্ৰয়োজনাত নিৰ্মিত গীতটিৰ সংগীত-গীতিকাৰ আৰু কণ্ঠদানো কৰিছে ৰাজবীৰ সিঙে। সংগীত ব্যৱস্থাপনা সুমিত আচাৰ্যৰ। মিক্স এণ্ড মাষ্টাৰিং বিকাশ বৰুৱাৰ। আনহাতে, দৃশ্য-শ্ৰাব্য গীতটিত অভিনয় কৰিছে ৰাজবীৰ সিঙৰ লগতে বলীউড অভিনেত্ৰী হীনা কুমাৰীয়ে। তদুপৰি অসম আৰু মূম্বাইৰ বহুকেইগৰাকী নৃত্য শিল্পীয়ে গীতটিত অভিনয় কৰিছে। নৃত্য নিৰ্দেশনা কৰিছে ৰাজবীৰ সিঙে। চিনেমাট’গ্ৰাফাৰ সৌভিক শৰ্মা। সম্পাদনা কৰিছে জিত চৌধুৰীয়ে। উল্লেখ্য যে মূলতঃ পাঞ্জাৱ আৰু মূম্বাইৰ নিবাসী ৰাজবীৰ সিঙ জন্মসূত্ৰে অসমৰ।

ৰাজবীৰ সিঙৰ পিতৃ-মাতৃ ব্যৱসায়ীক সূত্ৰে মহানগৰীৰ কালাপাহাৰলৈ আহোঁতে ৰাজবীৰৰ জন্ম হৈছিল। জন্মসূত্ৰে অসমৰ হোৱাৰ বাবেই জন্মভূমিৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভক্তিভাবে অসমৰ ভাষা-সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হৈ ইতিমধ্যে অসমীয়া বিহু তথা গীতক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে ৰাজবীৰ সিঙে। বলীউডৰ প্ৰখ্যাত কণ্ঠশিল্পী গুৰু ৰান্ধাৱা, নেহা কক্কৰৰ দৰে শিল্পীৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত কণ্ঠ নিগৰোৱা তথা সংগীত পৰিচালনা কৰা ৰাজবীৰ সিঙে ছলমান খান, শ্বাহৰুখ খানৰ দৰে ছুপাৰষ্টাৰৰ ইভেণ্ট মেনেজমেণ্টৰ সৈতেও জড়িত।

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu