মানকাচৰ : মানকাচৰত সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰ ৰাখী বন্ধন উৎসৱ। দেশৰ নিৰাপত্তাৰ বাবে ঘৰৰ পৰা বাহিৰত থাকি সীমান্তৰ প্ৰহৰী হিচাপে কাম কৰা চাৰি বি এছ এফ কেম্পৰ জোৱানক সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰ সদস্য সকলে পিন্ধালে ৰাখী। ভগ্নীক আজীৱন সুৰক্ষা প্ৰদানৰ বাবে ভাতৃয়ে প্ৰতিশ্ৰুতি গ্ৰহণ কৰাৰ দিন এই ৰাখী উৎসৱ।

শাওণ মাহৰ পূৰ্ণিমাত উদযাপন কৰা এই ৰাখী উৎসৱ উপলক্ষে সমগ্ৰ দেশত উখল-মাখল পৰিৱেশ। অৱশ্যে এইবেলি দেশত দুদিনীয়াকৈ উদযাপিত হ’ব ৰাখী বন্ধন। কিয়নো এইবাৰ পৱিত্ৰ উৎসৱত ভদ্ৰাৰ ছাঁ পৰিব বুলি আশংকা কৰিছে জ্যোতিষীয়ে। গতিকে জ্যোতিষশাস্ত্ৰৰ বিধান মানি চলাসকলে বৃহস্পতিবাৰে পালন কৰে ৰাখী বন্ধন৷ তদুপৰি ভগ্নীৰ হাতেৰে পৱিত্ৰ ৰাখী পিন্ধিবলৈ জ্যোতিষীয়ে বাছি দিছে নিৰ্দিষ্ট ক্ষণ।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰ মানকাচৰ শাখাৰ অধীনত উলহ মালহেৰে ৰাখী বন্ধন উৎসৱ উদযাপন কৰা হয়। দেশৰ বিভিন্ন ৰাজ্যৰ পৰা দেশ সুৰক্ষাৰ বাবে সীমান্তত প্ৰহৰী হৈ কাম কৰা শতাধিক বি এছ এফ জোৱানক ৰাখী পিন্ধোৱা হয়। সীমান্ত চেতনা মঞ্চৰ মহিলা সদস্য সকলে মানকাচৰ, কাকৰিপাৰা, সাহাপাৰা আৰু জোৰডাঙ্গা বি এছ কেম্পৰ জোৱান সকলক ৰাখী পিন্ধাই ৰাখী উৎসৱ পালন কৰে।