ৰঙিয়া : বলেৰ গাড়ীৰ গোপন চেম্বাৰৰ পৰা জব্দ ৩.৫ কোটি টকাৰ হেৰ’ইন। আৰক্ষীৰ জালত দুজন ড্ৰাগছ সৰবৰাহকাৰী। এজন ড্ৰাগছ সৰবৰাহকাৰী পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীৰ গুলীত অহাত। বলেৰ গাড়ীৰ গোপন চেম্বাৰত ৪০ টা চাবোনৰ বাকচত লুকুৱাই আনিছিল বৃহৎ পৰিমাণৰ হেৰ’ইনখিনি।

ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে ড্ৰাগছৰ সৰবৰাহ। পাতিদিনে অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰি থকা এই সময়ছোৱাত কামৰূপ জিলাৰ ৰঙিয়া আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰায় ৩.৫ কোটি টকাত ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে ৰঙিয়া আৰক্ষী।

দেওবাৰে নিশাৰ ভাগত ৰঙিয়া আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই এখন বলেৰ গাড়ীৰ পৰা জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। বলেৰ গাড়ীখনৰ গোপন চেম্বাৰত লুকুৰাই অনা ৪০ টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে ৰঙিয়া আৰক্ষীয়ে। ৰঙিয়াৰ বঙালিকুছীত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই আৰক্ষীয়ে মিজোৰামৰ পৰা অহা এখন বলেৰ গাড়ীৰ পৰা জব্দ কৰে এই বৃহৎ পৰিমাণৰ হেৰ’ইনখিনি। হেৰ’ইনখিনি বজাৰ মূল্য ৩.৫ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।

অধিবক্তাৰ ইষ্টিকাৰ লগাই বেলৰ গাড়ীখনৰ গোপন চেম্বাৰত হেৰ’ইনখিনি লুকুৱাই আনিছিল দুজন ড্ৰাগছ সৰবৰাহকাৰীয়ে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন বিদ্যুৎ দেৱ আৰু জিংকু দাস বুলি জানিব পৰা গৈছে। শিলচৰৰ লক্ষীপুৰৰ বিদ্যুৎ দেৱ নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনে এজন কনিষ্টবলক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীৰ গুলীত অহাত হয়।