গুৱাহাটী : ৰঙিয়া নগৰবাসীও ককবকাইছে বানত। কৃত্ৰিম বানত ককবকাইছে ৰঙিয়া নগৰবাসী। কৃত্ৰিম বানত ডুবিছে ৰঙিয়া নগৰৰ এন টি ৰোড। অঞ্চলটোৰ বহু লোকৰ ঘৰত একাঠু পৰ্যন্ত পানী।

নেৰানেপেৰা বৰষুণৰ ফলত কেৱল মাত্ৰ গুৱাহাটী মহানগৰীৰে নহয়, ৰঙিয়াতো সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ। কৃত্ৰিম বানত ডুব গৈছে ৰঙিয়া নগৰৰ এন টি ৰোড। অঞ্চলটোৰ বহু লোকৰ লগতে মূল পথছোৱা কৃত্ৰিম বানত ডুব গৈছে। কৃত্ৰিম বানপানীত একাকাৰ হৈছে ৰঙিয়া নগৰৰ নলা, মানুহৰ ঘৰ বাট-পথ।

কাৰোবাৰ ঘৰত যদি একাঠু পানী, কাৰোবাৰ ঘৰৰ ভিতৰত আকৌ একঁকাল পানী। বিচনাৰ ওপৰত বিচনা জোৰা দি ঘৰৰ ভিতৰতে থাকিবলৈ বাধ্য হৈছে ৰাইজ। কৃত্ৰিম বানৰ ফলত বন্ধ ৰাখিব লগীয়া হৈছে ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়। কাৰ্যালয়টোৰ ভিতৰতো একঁকাল পানী।

কৃত্ৰিম বানত ডুব গৈছে ৰঙিয়া নগৰৰ কেইবাখনো বিদ্যালয়। দোকান-বজাৰ সকলো পানীৰ তলত থকাৰ বাবে বন্ধ কৰি ৰাখিব লগা হৈছে ব্যৱসায়িক প্ৰতিষ্ঠান সমুহ। ৰঙিয়া পৌৰসভাই নলা-নৰ্দমা সমুহ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰা আৰু সময়মতে জাৱৰ-জোঠৰ চাফা নকৰাৰ ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱা বুলি ৰাইজৰ অভিযোগ।

বাট-পথ পানীয়ে বুৰাই পেলোৱাত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। ৰঙিয়া নগৰৰ পৰা পানী ওলাই যাব পৰাকৈ বিজ্ঞানসন্মত নলা নথকাৰ বাবেই কৃত্ৰিম বানৰ সমস্যা দিনক দিনে বৃদ্ধি পোৱা বুলি ৰঙিয়া নগৰবাসীয়ে অভিযোগ কৰি ৰঙিয়া পৌৰ সভাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে।