আজিজ আলী

নলবাৰী : টিহুৰ উত্তৰ বালিত দুঠাইত ছিঙিল মৰাপাগলদিয়া নদীৰ মথাউৰি। মৰাপাগলদিয়া নদীৰ মাথাউৰি ছিঙি বিস্তীৰ্ণ অঞ্চল প্লাৱিত। বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি। নিৰাপদ স্থানৰ সন্ধানত ঢাপলি মেইলিছৰ বানাক্ৰান্ত ৰাইজ।

টিহু উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪৫ নং পশ্চিম নামবৰভাগ গাঁও পঞ্চায়তৰ উত্তৰ বালিৰ টিহু-আখৰা গড়কাপ্তানি পথৰ পৰা কৈহাটীপাৰালৈ যোৱা মৰাপাগলদিয়া নদীৰ পূৱ পাৰৰ মথাউৰি বুধবাৰে পুৱাৰ ভাগত বাঢ়নী পানীয়ে ছিঙি নিয়াৰ ফলত বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰে।বিগত দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বৃদ্ধি পাইছে মৰাপাগলদিয়া নদীৰ জলপৃষ্ঠ।

বাঢ়নী পানীয়ে মাথাউৰি ছিঙি নিয়াত বড়ো নদীপাৰ চুপা, কৈহাটীপাৰা, গোৱৰাদল, ষাঠিকুছি, গড়বেৰ, সাৰাপাৰা, কুলবিল আদিৰ লগতে কেইবাখনো গাঁও প্লাৱিত হৈ পৰিছে। পুখুৰী আৰু বিস্তীৰ্ণ কৃষিভূমি পানীৰ তলত ডুব যোৱাত হাহাকাৰ লাগিছে কৃষক সকলৰ।

পোহনীয়া গৰু-ছাগলী ৰখাবলৈ ঠাই নোহোৱা হৈছে অঞ্চলসমূহত। বহু পৰিয়ালৰ চোতাল, ঘৰৰ মজিয়া প্লাৱিত হৈ পৰাত গৰু-ছাগলী লৈ নিৰাপদ স্থানৰ সন্ধানত ঢাপলি মেলিলে বানাক্ৰান্ত ৰাইজ। বাঢ়নী পানীয়ে অঞ্চলসমূহৰ বাট-পথসমুহো জলমগ্ন কৰাৰ ফলত যাতায়তৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হৈছে বান প্ৰভাৱিত অঞ্চল সমূহৰ ৰাইজ।

উল্লেখ্য যে ৪৫ নং পশ্চিম নামবৰভাগ গাঁও পঞ্চায়তত মথাউৰি নিৰ্মাণৰ নামত বছৰি লাখ লাখ টকা ব্যয় কৰিও উপযুক্তভাৱে মাথাউৰি নিৰ্মাণ নকৰাৰ ফলত প্ৰতি বছৰে বানপানী সময়ত ৰাইজে যমৰ যাতনা ভুগিব লাগে বুলি ৰাইজে অভিযোগ কৰে। আনফালে উত্তৰ বালি মহাজনপাৰা, শিয়ালমাৰী, বালি, হাৰিভাঙা, ভোজকুছি, বৰপীতকে ধৰি বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে বাঢ়নী পানীত।