ৰঙিয়া, ২৯ জুলাইঃ উত্তৰ কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত ৰঙিয়া সদৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়টো চাংসাৰিৰ চিলা ৰেঞ্জলৈ স্থানান্তৰ কৰিব বিচৰাৰ বিৰুদ্ধে ৰঙিয়াত সদৌ অসম ছাত্ৰ সন্থাৰ ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ আঞ্চলিক ছাত্ৰ সন্থাই ৰঙিয়াৰ পাৱাৰ হাউচ চকত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে৷ প্ৰাপ্ত তথ্য অনুসৰি, একাংশ দুৰ্নীতিপৰায়ণ বিষয়া-কৰ্মচাৰীয়ে নিজ স্বাৰ্থত খণ্ড বন বিষয়াৰ কাৰ্যালয়টো চাংসাৰিৰ চিলা ৰেঞ্জলৈ স্থানান্তৰ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ ঘনিষ্ঠ বুলি জহাই ফুৰা এজন দালাল আৰু বৈশ্য উপাধিৰ এজন বিষয়াই খণ্ড বন বিষয়াৰ কাৰ্যালয়টো স্থানান্তৰৰ চক্ৰান্ত ৰচা বুলি অভিযোগ উত্থাপন হৈছে। শীঘ্ৰে কাৰ্যালয়টো স্থানান্তৰ কৰাৰ সিদ্ধান্ত বাতিল নকৰিলে ছাত্ৰ সন্থাই তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।