মুকালমুৱা, ২৯ জুলাইঃ বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতি আৰু অকৰ্মণ্যতাৰ কাৰণে যিকোনো মুহুৰ্ততে ভয়ংকৰ বিপদ সংঘটিত হোৱাৰ আশংকাত ভুগিছে মুকালমুৱাৰ হাউলীঘাটবাসী৷ হাউলীঘাটলৈ সোমোৱাৰ মূল পথটোৰ ওপৰত থকা বিদ্যুৎ পৰিবাহী তাঁৰৰ ফলত যিকোনো মূহূতৰ্তে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’ব পাৰে৷ হাউলীঘাট প্ৰাথমিক বিদ্যালয়ৰ ওপৰত থকা বিদ্যুৎ পৰিবাহী তাঁৰক এজোপা প্ৰকাণ্ড বাঁহ গছে হেঁচা মৰাৰ ফলতে ঘটিব পাৰে অঘটন৷ প্ৰাপ্ত তথ্য অনুসৰি, হাউলীঘাট প্ৰাথমিক বিদ্যালয় খনৰ সম্মুখত বিদ্যুৎ বিভাগে স্থাপন কৰা ট্ৰেন্সফৰ্মাতো বৰ্তমানেও উন্মুক্ত অৱস্থাতে আছে৷  সদাব্যস্ত পথৰ ওপৰত ওলমি থকা বিদ্যুৎ বিভাগৰ তাঁৰৰ তলতেই হাউলীঘাট প্ৰাথমিক বিদ্যালয়৷ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা অৰ্জন কৰা বিদ্যালয়ৰ ওপৰত বিপদজনক ভাবে বিদ্যুৎ তাঁৰ ওলমি থকাৰ পিছতো বিদ্যুৎ বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় লোকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ স্থানীয় লোকে চামতা বিদ্যুৎ উপ-সংমণ্ডৰ অধীনস্থ মুকালমুৱা বিদ্যুৎ বিভাগক বাৰম্বাৰ অনুৰোধ জনোৱাৰ ফলতো বিভাগটোৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে৷ বিদ্যুৎ বিভাগৰ এনে কাণ্ডজ্ঞানহীনতাৰ বাবে শক্তিমন্ত্ৰী পল্লৱলোচন দাসকো হাউলীঘাটবাসীয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷ উল্লেখযোগ্য যে, হাউলীঘাট প্ৰাথমিক বিদ্যালয়খন অসম বিধানসভাৰ বৰক্ষেত্ৰী সমষ্টিৰ এটা ভোটকেন্দ্ৰ৷