মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ২৩ এপ্ৰিলঃ ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আছে এটাৰ পিছত আনটো নাৰী নিৰ্যাতন আৰু ধৰ্ষণকাণ্ড। নাৰী নিৰ্যাতন আৰু ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে সমগ্ৰ দেশত প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ পিছতো দিনক দিনে ধৰ্ষণকাণ্ড বৃদ্ধি পাবলৈ ধৰিছে। এইবাৰ মহানগৰীৰ সমীপৱৰ্তী ৰাণীত সংঘটিত হৈছে জঘন্য ধৰ্ষণকাণ্ড। গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা ৰাণীত এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰিলে প্ৰসন্ন ৰাভা নামৰ এজন যুৱকে। জানিব পৰা মতে যোৱা ২০ এপ্ৰিল তাৰিখে প্ৰসন্ন ৰাভা নামৰ যুৱকজনে অষ্টম শ্ৰেণীৰ কিশোৰী গৰাকীক ধৰ্ষণ কৰি বিভিন্ন ভাবুকি প্ৰদান কৰি ঘটনাটো গাপ দিয়াৰ চেষ্টা চলাইছিল যদিও কিশোৰী গৰাকীয়ে সকলো ঘটনা পৰিয়ালৰ লোকক অৱগত কৰাত পৰিয়ালৰ লোকে প্ৰসন্ন ৰাভাৰ বিৰুদ্ধে আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰি বৰ্তমান পলাতক অৱস্থাত থকা প্ৰসন্ন ৰাভাক আটক কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।