গুৱাহাটী : মহানগৰীত পুনৰ এক ডকাইতিকাণ্ড। এইবাৰ মহানগৰীত অভিযন্ত্ৰাৰ ডিঙি কাটি লুটি নিলে ধন। গুৰুত্বৰভাৱে অহাত অভিযন্ত্ৰাজনক চিকিৎসালয়ত ভৰ্তি। নগদ ধন, সোণৰ চেইন আৰু মোবাইল ফোন লুটি নিলে দুৰ্বৃত্তই।

এটাৰ পিছত আনটো অপৰাধজনীত ঘটনা সংঘটিত হৈছে মহানগৰী গুৱাহাটীত। হত্যা, ডকাইতি যেন এতিয়া সাধাৰণ ঘটনাত পৰিণত হৈছে মহানগৰীত। মহানগৰী গুৱাহাটীত অপৰাধ নিয়ন্ত্ৰণত আৰক্ষী সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ আন এক উদাহৰণ পোৱা গ’ল।

মঙলবাৰে সন্ধিয়াৰ ভাগত গুৱাহাটী মহানগৰীৰ মঠঘড়ীয়াত পুনৰ এক ভয়ংকৰ ঘটনা সংঘটিত হয়। এজন অভিযন্ত্ৰাক দুৰ্বৃত্তই আক্ৰমণ চলাই নগদ ধনসহ সকলো লুটি নিয়ে। মঠঘড়ীয়াৰ বড়ো চকৰ কিশোৰ কলিতা নামৰ ৰেল বিভাগৰ অভিযন্ত্ৰাজনৰ ডিঙি কাটি সকলো লুটি নিয়ে দুৰ্বৃত্তই।

কিশোৰ কলিতা নামৰ অভিযন্ত্ৰাজন মঙলবাৰে শিলচৰলৈ যোৱা বাবে ঘৰৰ পৰা ওলাই মঠঘড়ীয়াৰ পৰা নুনমাটি অভিমুখে খোজ কাঢ়ি গৈ থকা অৱস্থাত ৰে’ল লাইনৰ কাষত দুৰ্বৃত্তই কিশোৰ কলিতাক আক্ৰমণৰ চলাই ডিঙি কাটি নগদ ধন, সোণৰ চেইন আৰু মোবাইল ফোন লুটি নিয়ে।

তেজেৰে লুতুৰী পুতুৰী অৱস্থাত স্থানীয় লোকে কিশোৰ কলিতা নামৰ ৰেল বিভাগৰ অভিযন্ত্ৰাজনক উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষী আৰু স্থানীয় ৰাইজে কিশোৰ কলিতাক সংকটজনক অৱস্থাত মঠঘড়ীয়াৰ গেট হাস্পাতালত ভৰ্তি কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।