নগাঁও : নগাঁৱত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। এজন ব্যৱসায়ীৰ ঘৰত ডকাইতিকাণ্ড। ৮ জনীয়া ডকাইতৰ দলে ব্যৱসায়ীজনৰ ঘৰত চলালে লুটপাত। হাতত চোকা অস্ত্ৰলৈ ডকাইতৰ দলটোৱে প্ৰৱেশ কৰিছিল ব্যৱসায়ীজনৰ ঘৰত।

ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনীত ঘটনা। হত্যা, ধর্ষণ, চুৰি, ডকাইতি সাধাৰণ ঘটনাত পৰিণত হৈছে ৰাজ্যত। প্ৰতিদিনে ৰাজ্যত সংঘটিত হৈ আছে অপৰাধজনীত ঘটনা। এইবাৰ নগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড।

নগাঁৱৰ উত্তৰ হয়বৰগাঁৱত এজন ব্যৱসায়ীৰ ঘৰত সংঘটিত হৈছে এই ডকাইতিকাণ্ড। মাংলবাৰে নিশাৰ ভাগত উত্তৰ হয়বৰগাঁৱৰ মাধাৱদেৱ পথৰ মনোজ বথ্ৰা নামৰ এজন ব্যৱসায়ীৰ ঘৰত ৮ জনীয়া ডকাইতৰ দল এটাই সংঘটিত কৰে এই ডকাইতিকাণ্ড। হাতত চোকা অস্ত্ৰলৈ ৮ জনীয়া ডকাইতৰ দলটোৱে ব্যৱসায়ীজনৰ ঘৰত প্ৰৱেশ কৰি ডকাইতিকাণ্ড সংঘটিত কৰে।

ডকাইতৰ দলটোৱে ব্যৱসায়ী মনোজ বথ্ৰাৰ ঘৰত প্ৰৱেশ কৰি সকলো সদস্যকে ৰচিৰে বান্ধি মাৰপিট কৰাৰ লগতে লুটি নিয়ে লক্ষাধিক টকাৰ সম্পত্তি। নগদ ধনসহ সোণৰ অলংকাৰ লুটি নিয়ে ৮ জনীয়া ডকাইতৰ দলটোৱে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁও চহৰত।