আমিনুৰ ৰহমান
শিৱসাগৰ : সাংবাদিকৰ ঘৰত চলিল চোৰৰ চাফাই অভিযান (Robbery)। পালচাৰ বাইকসহ লুটি নিলে বহু মূল্যবান সামগ্ৰী। মছজিদৰ চাউণ্ড ছেট আৰু দানপাত্ৰৰ ধনো নিলে চোৰে।

এক চাঞ্চল্যকৰ চুৰিকাণ্ড। শিৱসাগৰ জিলাৰ দিচাংমুখত সংঘটিত হৈছে এই চাঞ্চল্যকৰ চুৰিকাণ্ড। পুৱতি নিশা দুটাকৈ চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হয় দিচাংমুখৰ আলিছিগা গাঁৱত। ঘৰৰ খিড়িকী খুলি পালচাৰ বাইকসহ গড্ৰেজ ভাঙি বহু মূল্যবান সামগ্ৰী লুটি নিয়ে চোৰে।

আনকি মছজিদৰ চাউণ্ড ছেট আৰু দানপাত্ৰৰ ধনো লুটি নিয়ে চোৰে। পুৱতি নিশা দিচাংমুখ আৰক্ষী চকীৰ পৰা মাত্ৰ আধা কিলোমিটাৰ নিলগৰ আলিছিগা গাঁৱৰ আজিজুল খান তথা সাংবাদিক ফিৰোজ খান আৰু কংগ্ৰেছ নেতা মুস্তাফা খানৰ ঘৰত চোৰৰ দলে চুৰিকাণ্ড সংঘটিত কৰে।

দেওবাৰে নিশা সাংবাদিক ফিৰোজ খান পত্নী আৰু কন্যাসহ পত্নীৰ মাতৃ গৃহলৈ যোৱাত ঘৰত পিতৃ, ভাতৃ আৰু ভাতৃৰ পত্নী আছিল। নিশা ঘৰৰ খিড়িকী ভাঙি চোৰৰ দলটো ঘৰৰ ভিতৰত প্ৰৱেশ কৰি প্ৰথমে মুস্তাফা খানৰ এএছ-০৪-ডাব্লিউ-১১৮২ নম্বৰৰ কলা ৰঙৰ পালচাৰ বাইক আৰু সাংবাদিক ফিৰোজ খানৰ শুৱনি কোঠাত প্ৰৱেশ কৰি গড্ৰেজ ভাঙি বহু মূল্যবান সামগ্ৰী লুটি নিয়ে।

একে সময়তে চোৰৰ দলটোৱে ফিৰোজ খানৰ ঘৰৰ সন্মুখৰ প্ৰায় সাত মিটাৰমান দূৰত্বত থকা দিচাংমুখ কেন্দ্ৰীয় জাম্মা মছজিদত প্ৰৱেশ কৰি নতুনকৈ ত্ৰিশ হাজাৰ টকাৰে ক্ৰয় কৰি অনা এটা আহুজা কোম্পানীৰ চাউণ্ড ছেট আৰু মছজিদৰ ভিতৰত থকা দানপাত্ৰ ভাঙি সম্পূৰ্ণ ধন লুটি নিয়ে।

চুৰিকাণ্ডৰ ঘটনাৰ খৱৰ লাভ কৰি দিচাংমুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।এই চুৰিকাণ্ড সন্দৰ্ভত আজিজুল খানৰ ঘৰৰ হৈ মুস্তাফা খানে আৰু মছজিদ পৰিচালনা সমিতিৰ হৈ চাদিকুৰ ৰহমানে দিচাংমুখ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।