কোকৰাঝাৰ : এক চাঞ্চল্যকৰ ঘটনা। দুস্কৃতিকাৰীয়ে জ্বলাই (Fire Incident) দিলে ব্যৱসায়ীৰ তিনি মহলীয়া ঘৰ। ব্যৱসায়ী খৰ্গেশ্বৰ বসুমতাৰীৰ নিৰ্মীয়মান অৱস্থাত থকা তিনিমহলীয়া ঘৰত অগ্নি সংযোগ কৰিলে দুস্কৃতিকাৰীয়ে।

কোকৰাঝাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কোকৰাঝাৰৰ ব্যৱসায়ী খৰ্গেশ্বৰ বসুমতাৰীৰ নিৰ্মীয়মান অৱস্থাত থকা তিনিমহলীয়া ঘৰ জ্বলাই দিয়ে দুস্কৃতিকাৰীয়ে। লক্ষ্মী পূজা আনন্দৰ মাজতে দেওবাৰে মাজনিশাৰ ভাগত দুস্কৃতিকাৰীয়ে জ্বলাই দিয়ে ব্যৱসায়ী খৰ্গেশ্বৰ বসুমতাৰীৰ নিৰ্মীয়মান অৱস্থাত থকা তিনিমহলীয়া ঘৰ।

কোকৰাঝাৰ চহৰৰ ভৱানীপুৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। দেওবাৰে মাজনিশা এক মান বজাত কোনো লোক নথকা ব্যৱসায়ী খৰ্গেশ্বৰ বসুমতাৰীৰ নিৰ্মীয়মান তিনিমহলীয়া ঘৰৰ চৌহদত প্ৰৱেশ কৰে দুস্কৃতিকাৰী। ইয়াৰ পিছতে দুস্কৃতিকাৰীয়ে ঘৰটোৰ তলৰ মহলাত অগ্নিসংযোগ কৰে। ফলত ঘৰটোৰ তলৰ মহলাত জমা কৰি থোৱা প্ৰায় আঢ়ৈ লাখ টকাৰ কাঠ জ্বলি চাই হয়।

অৱশ্যে ঘটনা সংঘটিত হোৱাৰ কিছু সময় পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। নিৰ্মীয়মান তিনি মহলীয়া ঘৰটো সম্পূৰ্ণৰূপে জ্বলাৰ পৰা ৰক্ষা পৰে যদিও অগ্নিকাণ্ডৰ ফলত তিনিমহলীয়া ঘৰটোৰ কেইবা ঠাইত ফাট মেলা বুলি জানিব পৰা গৈছে।

ইফালে দুস্কৃতিকাৰীৰ দলটোৱে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত কৰাৰ পিছত ঘৰটোৰ চৌহদত ৰাখি থোৱা টাটা মোবাইল গাড়ীৰ বেটাৰী আৰু ৪০ লিটাৰৰো অধিক ডিজেল চুৰি কৰি নিয়ে। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।