আজিজ আলী
মুকালমুৱা : বৰক্ষেত্ৰীৰ জয় সাগৰত দিন দুপৰতে সংঘটিত হৈছে এক চুৰিকাণ্ডৰ ঘটনা। এঘৰৰ পৰা চোৰে লুটি নিলে লক্ষাধিক টকাৰ অলংকাৰসহ বহু সামগ্ৰী। মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল। 

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত জয় সাগৰ গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ডৰ ঘটনা। দিন দুপৰতে দেবেন হালৈ আৰু অংকনা হালৈৰ ঘৰত সংঘটিত হৈছে এই চুৰিকাণ্ডৰ ঘটনা।

জয়সাগৰ গাঁৱৰ শংকৰ মাধৱ হাইস্কুলত কৰ্মৰত চতুৰ্থবৰ্গৰ কৰ্মচাৰী দেবেন হালৈয়ে বিদ্যালয়ৰ পৰা ঘৰলৈ আহি ঘৰৰ দুৱাৰৰ তলা ভঙা প্ৰত্যক্ষ কৰি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি গডৰেজৰ তলা ভঙা দেখি নিজ শিক্ষয়িত্ৰী পত্নীক বিষয়টো অৱগত কৰে। ইয়াৰ পিছতে পৰিয়ালটোত লাগে হুৱাদুৱা।

হালৈ দম্পত্তীৰ ঘৰৰ পৰা দিন দুপৰতে চোৰে সোণৰ আঙুঠি তিনিটা, আনুমানিক ৪২,০০০হেজাৰ টকাৰ, সোণৰ চেইন এডাল আনুমানিক ৩৫,০০০ হেজাৰ টকাৰ, কানফুলি,আনুমানিক ২৩,০০০ হেজাৰ টকা, পাটৰ-মুগাৰ কাপোৰ ছয়জোৰ আনুমানিক ৪০,০০০ হেজাৰ টকাৰ সামগ্ৰী লুটি নিয়ে। চুৰিকাণ্ড সন্দৰ্ভত মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে হালৈ দম্পত্তীয়ে।