গুৱাহাটী : মহানগৰী গুৱাহাটীত গুলী চালনাৰ ঘটনা। পঞ্জাৱৰীত সংঘটিত হয় এই গুলী চালনাৰ ঘটনা। শূন্য দূৰত্বৰ পৰা এজন লোকক গুলীয়ালে দুৰ্বৃত্তই। দুৰ্বৃত্তৰ গুলীত নিহত লোকজন। লুটি নিলে টকাৰ বেগ (Robbery)।

মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড। শূন্য দূৰত্বৰ পৰা এজন লোকক গুলীয়াই দুৰ্বৃত্তই লুটি নিলে টকাৰ বেগ। পঞ্জাৱৰীৰ পূৰবী ডায়েৰীৰ সন্মুখত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ডকাইতিকাণ্ডৰ ঘটনা। ৰঞ্জিত বৰা নামৰ এজন লোকক দুৰ্বৃত্তই গুলীয়াই টকাৰ বেগ কাঢ়ি নিয়ে।

ৰঞ্জিত বৰা পূৰবী ডায়েৰীৰ কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে। সোমবাৰে দিনৰ ভাগত ৰঞ্জিত বৰাই ৰিচকীয়া বাহন এখনেৰে বেংকত টকা জমা কৰিবলৈ গৈ থকা অৱস্থাত দুৰ্বৃত্তই পূৰবী ডায়েৰীৰ সন্মুখত শূন্য দূৰত্বৰ পৰা ৰঞ্জিত বৰাৰ মূৰত গুলীয়াই টকাৰ বেগ কাঢ়ি নিয়ে।

দুৰ্বৃত্তৰ গুলীত গুৰুত্বৰভাৱে আহত হোৱা ৰঞ্জিত বৰাৰ চিকিৎসাললৈ নিয়াৰ পথত মৃত্যু ঘটে। দুৰ্বৃত্তই লুটি নিয়া টকাৰ বেগখনত প্ৰায় দুই লাখ টকা আছিল বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

জানিব পৰা মতে দুজনীয়া দুৰ্বৃত্তৰ দলটো এখন বাইকত আহিছিল। দিন দুপৰতে মহানগৰীত দুৰ্বৃত্তৰ গুলীত এজন লোক নিহত হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুৰ্বৃত্তৰ গুলীত নিহত হোৱা ৰঞ্জিত বৰাৰ বয়স ৫৮ বছৰ। ৰঞ্জিত বৰা পূৰবী ডায়েৰীৰ ডিষ্ট্ৰিবিউটৰ আছিল।