ৰঙিয়া, ১৭ মেঃ ৰঙিয়াৰ ধুলাৱড়ীত পুৱতি নিশা বিয়া ঘৰত সংঘটিত লোমহৰ্ষক ডকাইতিৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে৷ ডকাইতৰ দলটোৱে পিষ্টল-ডেগাৰ দেখুৱাই  দুদিন পূৰ্বে বিবাহ সম্পন্ন হোৱা এটা পৰিয়ালৰ পৰা লুটি নিয়ে নগদ ১ লাখ ২৬ হাজাৰ টকা সহ অলংকাৰ৷ ব্যৱসায়ী ৰহমান আলী ঘৰত বুধবাৰে পুৱতি নিশা ডেগাৰ-পিষ্টলেৰে সু-সজ্জিত ডকাইতৰ ৪-৫ জনীয়া দলে মৃত্যুৰ ভাবুকি দি পৰিয়ালটোৰ পৰা নগদ ধন সহ আ-অলংকাৰ লুটি নিয়ে৷ এসপ্তাহ পূৰ্বে ৰহমান আলীৰ পুত্ৰৰ বিয়া পিছত দেওবাৰে কন্যাৰো বিবাহ সম্পন্ন হয়৷ সম্পূৰ্ণ পৰিকল্পিতভাৱে কৰা এই  ডকাইতিৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ উল্লেখ্য যে, ৰঙিয়াত বৃদ্ধি পাব ধৰিছে ধন লুটৰ দৰে ঘটনা৷ কিছুদিনৰ পূৰ্বে ৰঙিয়াত মটৰ চাইকেলত অহা ৫ জনীয়া দুৰ্বৃত্তৰ দল এটাই বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ পৰা মাজবাটত লক্ষাধিক টকা লুটি নিয়াৰ পিছতেই ৰেল ষ্টচনত অপেক্ষাৰত এহাল দম্পত্তিৰ পৰা কৌশলেৰে ধন লুট কৰে৷  ৰঙিয়াত ক্ৰমাগত ভাবে সংঘটিত এই চুৰি-ডকাইতিৰ ঘটনাৰ আৰক্ষীয়ে কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম নোহোৱাত আৰক্ষীৰ ভূমিকাত সন্দেহ ব্যক্ত কৰিছে স্হানীয় লোকে৷