গুৱাহাটী, ১৭ মেঃ নলবাৰী প্রেছ ক্লাবৰ উপদেষ্টা তথা নতুন প্রতিবিম্ব কাকতৰ সম্পাদক তফিক উদ্দিন আহমেদলৈ আগবঢ়োৱা হয় যুৱ সাংবাদিক বঁটা। গুৱাহাটীৰ ৰূপনগৰস্থিত মিডিয়া ট্রাষ্টত আয়োজিত এক অনুষ্ঠানত সাংবাদিক আহমেদক এই বঁটা প্রদান কৰা হয়। সংবাদ সেৱাৰ ক্ষেত্ৰখনত আগবঢ়োৱা অনবদ্য অৱদানৰ কাৰণে ইণ্ডিয়ান ৰিপ’ৰ্টাছ এছ’চিয়েচনে সাংবাদিক তাফিক উদ্দিন আহমেদক এই বঁটা বাবে নিৰ্বাচিত কৰে। ইণ্ডিয়ান ৰিপ’র্টাছ এছ’চিয়েচনৰ উপাধ্যক্ষ সংগীতা মেধিয়ে পৰিচালনা কৰা অনুষ্ঠানটােত তাফিক উদ্দিন আহমেদক গামোচা, শৰাই, মানপত্র, জাপি, চেলেং চাদৰে সম্বর্ধনা জনায়। অনুষ্ঠানটােত অইল ইণ্ডিয়া লিমিটেডৰ মহা প্রবন্ধক কেচি বৰা, সংস্থাটােৰ উপাধ্যক্ষ এম আলী, কেন্দ্রীয় সম্পাদক মহম্মদ জাহাংগীৰ, অন্ধপ্ৰদেশৰ ৰাজ্যিক সম্পাদক চাব্বা মার্জি, জ্যেষ্ঠ সাংবাদিক নিলয় চৌধুৰী আৰু সাংবাদিক চেলিক মালিকে ভাষণ দিয়ে। উক্ত অনুষ্ঠানটােত ফটাে সাংবাদিক মহেশ ডেকাৰ লগতে বিভিন্ন ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা কেবাজনো ব্যক্তিক সম্ভাষণ জনোৱা হয়।