গুৱাহাটী : যাত্ৰীবাহী ৰে’লৰ ডবাৰ পৰা উদ্ধাৰ ২৩৫ টা দুষ্প্ৰাপ্য কাছ। কামাখ্যা ৰে’ল ষ্টেচনত ৰে’ল সুৰক্ষা বাহিনীয়ে কামাখ্যা-ইনদোৰ যাত্ৰীবাহী ৰে’লৰ পৰা উদ্ধাৰ কৰে দুষ্প্ৰাপ্য কাছ কেইটা। নিয়মীয়া তালাচীৰ সময়ত এখন ডবাৰ পৰা উদ্ধাৰ হয় দুষ্প্ৰাপ্য কাছ কেইটা।

চোৰাং ব্যৱসায়ী তথা অবৈধ সামগ্ৰীৰ সৰবৰাহকাৰী সকলৰ লক্ষ্য এতিয়া ৰে’ল। ৰে’লযোগে ড্ৰাগছ, গাঞ্জা, সোণ আদি সৰবৰাহৰ ঘটনা প্ৰায়ে সংবাদ মাধ্যমত প্ৰকাশ পোৱা দেখিবলৈ পোৱা যায়। এইবাৰ বন্যপ্ৰাণী সৰবৰাহকাৰীয়ে ৰে’লযোগে বন্যপ্ৰাণী সৰবৰাহৰ নামি পৰাৰ এক ঘটনা পোহৰলৈ আহিছে।

শনিবাৰে কামাখ্যা ৰে’ল ষ্টেচনত ৰে’ল সুৰক্ষা বাহিনীৰ এটা দলে কামাখ্যা-ইনদোৰ যাত্ৰীবাহী ৰে’লৰ এখন ডবাৰ পৰা ২৩৫ টা জীৱন্ত অৱস্থাত দুষ্প্ৰাপ্য পৰাজিতৰ কাছ উদ্ধাৰ কৰে। তালাচীৰ সময়ৰ যাত্ৰীবাহী ৰে’লৰ ডবাখনত গৰাকীবিহীন অৱস্থাত ১০ টাকৈ বেগ প্ৰত্যক্ষ কৰি ৰে’ল সুৰক্ষা বাহিনীৰ দলটোৱে বেগ কেইটা নমাই আনি বেগৰ ভিতৰৰ পৰা ২৩৫ টা দুষ্প্ৰাপ্য কাছ কেইটা উদ্ধাৰ কৰে।

ৰে’ল সুৰক্ষা বাহিনীয়ে কাছ কেইটা উদ্ধাৰ কৰি বন বিভাগক খবৰ দিয়ে। বন বিভাগৰ লোক কামাখ্যা ৰে’ল ষ্টেচনত উপস্থিত হোৱাত ৰে’ল সুৰক্ষা বাহিনীয়ে কাছ কেইটা বন বিভাগক চমজাই দিয়ে। দুষ্প্ৰাপ্য কাছ কেইটা উদ্ধাৰ হোৱা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে। বন বিভাগে কাছ কেইটা অসম ৰাজ্যিক চিৰিয়াখানালৈ নিয়া বুলি জানিব পৰা গৈছে।