দীপলীনা ডেকাই উদ্বোধন কৰিলে উত্তৰ-পূৱৰ তিচৱাই প্ৰথমটো ফ্লেগশ্বিপ ষ্টুডিঅ’

In ব্যৱসায়
TheChocolateRoomTezpur

গুৱাহাটী : ঊষা ইণ্টাৰনেচনেল লিমিটেডৰ প্রিমিয়াম লাইটিং ব্লেণ্ড তিচৱাই শনিবাৰে গুৱাহাটীৰ বি, বৰুৱা ৰোড, উলুবাৰীত মেচাৰ্ছ নেক্সট লাইটছৰ সহযোগত শেহতীয়া আউটলেটটো মুকলি কৰে। কণ্ঠশিল্পী দীপলীনা ডেকাই উদ্বোধন কৰে তিচৱাৰ উত্তৰ-পূবৰ প্ৰথমখন আউটলেটখন।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে-কান্তা দেৱী চোনি, স্বাত্বাধিকাৰী ৰাজেশ চোনি, তুষাৰ চোনি আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল। ইপিনে তিচৱাৰ আঞ্চলিক প্ৰৱন্ধক মৃত্যুঞ্জয় কুমাৰে অংশগ্ৰহণ কৰি তিচবায়ৰ এই নতুন আউটলেটে উত্তৰ-পূৱৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিব বুলি আশা প্রকাশ কৰে।

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি চোনীয়ে কয় ‘নতুন টিচৱা আউটলেটটোৱে ইয়াৰ অনন্য আৰু প্রিমিয়াম পোহৰ সমাধানৰ বিস্তৃত সংগ্ৰহৰ সৈতে গ্ৰাহকসকলৰ ব্যক্তিগতকৃত জীৱনশৈলীৰ প্ৰয়োজনীয়তা পূৰণ কৰিব। টিচৱাৰ শেহতীয়া চিগনেচাৰ স্প্রিং কালেকশন, আৰু নান্দনিকভাৱে হস্ত নির্মিত বোহেমিয়ান ক্রিষ্টাল, মুৰানো গ্লাছ, ইজিপ্তিয়ান এচফোৰ ক্ৰিষ্টাল, কে ৯ স্ফটিক লুমিনেয়াৰও আউটলেটত উপলব্ধ হ’ব।

টিচৱা সামগ্ৰীৰ বিভিন্ন পৰিসৰত অন্তৰ্ভুক্ত থাকে পৰিৱেশ পোহৰৰ ধাৰণা, এলইডি ডিজাইনাৰ পৰিসৰ, ঝাড়বাতি, টেবুল আৰু মজিয়াৰ চাকি। ৱাল লাইট, পেণ্ডেণ্ট, ডিজাইনাৰ স্পটলাইট, আৰু প্রিমিয়াম স্থাপত্য পোহৰৰ সামগ্রী প্রতিটো প্রয়োজনীয়তাৰ সৈতে খাপ খোৱা বিভিন্ন সামগ্ৰীও টিচৱা সামগ্ৰীৰ পৰিসৰত অন্তৰ্ভুক্ত আছে।

তিচৱাই বিভিন্ন সেৱা আগবঢ়ায় যেনে-বিনামূলীয়া পোহৰ পৰামৰ্শ, ৱাৰেণ্টি আৰু সেৱা সমর্থন।চোনীয়ে কয় ‘অসম আৰু উত্তৰ-পূৱৰ লোকসকলৰ বাবে নতুনকৈ মুকলি কৰা তিচৱাই আউটলেটে পোহৰৰ সমাধান সম্পর্কে তেওঁলোকৰ প্ৰয়োজনীয়তা আৰু সকলো অভাৱ পূৰণ কৰিব।’

You may also read!

তিনিদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত জে চি আইৰ ৰাষ্ট্ৰীয় সভাপতি

গুৱাহাটী : দেশৰ আটাইতকৈ জনপ্ৰিয় আৰু সক্রীয়া স্বেচ্ছাসেৱী সংগঠন জুনিয়ৰ চেম্বৰ ইণ্টাৰনেচনেল চমুকৈ জে চি আই। ১০০ বছৰীয় পুৰণি

Read More...

অভিযুক্তক প্ৰহাৰ আৰু ধনদাবী কৰি গ্ৰেপ্তাৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইন

নগাঁও : নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এতিয়া ৰঙা ঘৰৰ আলহী। কাৰণ

Read More...

বৰক্ষেত্ৰীৰ কেইজনমান সাধাৰণ যুৱকে দেখুৱালে মানৱতা

আজিজ আলী মুকালমুৱা : কেইজনমান সাধাৰণ যুৱকে দেখুৱালে মানৱতা। বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিলে কেইজনমান সাধানৰ যুৱক। নিজৰ গাঁঠিৰ ধন

Read More...

Mobile Sliding Menu