গুৱাহাটী : মুছলমান হোৱাৰ বাবেই প্ৰথম অৱস্থাত সমালোচনাৰ সন্মুখীন হৈছিল একাংশ লোকৰ (Muslim Artist Criticized)। এতিয়া সমালোচনা কৰা সকলৰ সঁহাৰি আৰু সহযোগিতা লাভ কৰিছে। সমালোচনা ভয় নকৰা এজন শিল্পীয়ে কৰ্ম সংস্থাপনৰ বাট মোকোলাই দিছে বহুজনকে।

২০১২ চনত প্ৰথমবাৰৰ বাবে নিজৰ প্ৰতিভা ৰাইজৰ আগত দাঙি ধৰাৰ এক সুযোগ লাভ কৰিছিল। শিল্পীজনে এই সুযোগৰ সদব্যৱহাৰ কৰিবলৈ লওঁতেই সন্মুখীন হৈছিল সমালোচনাৰ। শিল্পীজনৰ নিজ সম্প্ৰদায়ৰ একাংশ লোকে শিল্পীজনৰ শিল্প কৰ্মৰ বিৰোধিতা কৰি তীব্ৰ সমালোচনা কৰিছিল। কিন্তু শিল্পীজনে নিজৰ শিল্প কৰ্মকে নিজৰ ধৰ্ম বুলি সকলো বাধা আৰু সমালোচনাক কেৰেপ নকৰি আগুৱাই গৈ আছে।

দৰং জিলাৰ খাৰুপেটীয়াৰ বেচিমাৰীৰ ছফিকুল ইছলাম ব্যস্ত নেহৰু ষ্টেডিয়ামত ১১১ ফুট উচ্চতৰ ৰাৱণৰ প্ৰতিমূৰ্তি নিৰ্মাণ কাৰ্যত। ছফিকুল ইছলাম বিগত দুমাহ ধৰি ১০ জনকৈ লোক লগত লৈ দিনে-নিশাই ১১১ ফুট উচ্চতৰ ৰাৱণৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি আছে। ২০১২ চনত প্ৰথমবাৰৰ বাবে ছফিকুল ইছলামে ৰাৱণৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিল আৰু সেই সময়ত একাংশ লোকৰ তীব্ৰ সমালোচনাৰ বলি হৈছিল ছফিকুল ইছলাম।

ছফিকুল ইছলামে কয় “২০১২ চনত মাছখোৱাত ৰাৱণ দাহৰ বাবে মই পোন প্ৰথমবাৰৰ বাবে ৰাৱণৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰোতে আমাৰ সম্প্ৰদায়ৰ একাংশ লোকে মোক সমালোচনা কৰি কৈছিল এজন মুছলমান লোক হৈ মূৰ্তি নিৰ্মাণ কৰাটো অবৈধ। মই কিন্তু নিজৰ কৰ্মকে নিজৰ ধৰ্ম বুলি বিশ্বাস কৰো। পৰৱৰ্তী সময়ত মোক সমালোচনা কৰা সকলে এতিয়া মোক সহায় সহযোগিতা আগবঢ়াই আছে”। মই মোৰ গাঁওখনৰ বহু লোকক প্ৰতিমূৰ্তি নিৰ্মাণৰ কামৰ লগত জড়িত কৰি তেওঁলোকৰ বাবে কৰ্মসংস্থাপন বাট মুকলি কৰি দিবলৈ সক্ষম হৈছোঁ বুলিও ছফিকুল ইছলামে কয়।

প্ৰায় ৩ লাখ টকাৰে নিৰ্মাণ কৰা ৰাৱণৰ ১১১ ফুট উচ্চতৰ প্ৰতিমূৰ্তিটো অহা ২ অক্টোবৰত স্থাপন কৰা হ’ব। শক্তিৰ প্ৰতীক দেৱী দুৰ্গাৰ আৰাধনাৰ পিছতে দশমীৰ নিশা অশুভ শক্তিৰ প্ৰতীক দশমুণ্ড ৰাৱণ দাহ কৰা হ’ব। গুৱাহাটীত ক’ভিড মহামাৰীৰ বাবে বিগত দুবছৰ ধৰি ৰাৱণ দাহ অনুষ্ঠিত হোৱা নাছিল। এইবাৰ পুনৰ দশমীৰ নিশা নেহৰু ষ্টেডিয়ামত ৰাৱণ দাহ অনুষ্ঠিত কৰাৰ প্ৰস্তুতি তুংগত উঠা দেখিবলৈ পোৱা গৈছে।