Actress Asha Parekh : প্ৰবীণ অভিনেত্ৰী আশা পাৰেখলৈ ২০২২ বর্ষৰ দাদাচাহেব ফালকে বঁটা

In বিনোদন, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
Umra Package

নিউজ ডেস্ক : প্ৰবীণ অভিনেত্ৰী আশা পাৰেখলৈ (Asha Parekh) ২০২২ বর্ষৰ দাদাচাহেব ফালকে বঁটা। এইবছৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত প্ৰবীণ অভিনেত্ৰী গৰাকীক দাদাচাহেব ফালকে বঁটা প্ৰদান কৰা হ’ব। ভাৰতীয় ছবি জগতত আগবঢ়োৱা অৱদানৰ বাবে প্ৰবীণ অভিনেত্ৰী আশা পাৰেখক এই বঁটা প্ৰদান কৰা হ’ব।

ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটাৰূপে স্বীকৃত দাদাচাহেব ফালকে বঁটা এইবছৰ প্ৰদান কৰা হ’ব ভাৰতীয় ছবি জগতৰ প্ৰবীণ অভিনেত্ৰী আশা পাৰেখক। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ২০২২ বৰ্ষৰ দাদাচাহেব ফালকে বঁটা অভিনেত্ৰী আশা পাৰেখক প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে। দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুমুৱে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত আশা পাৰেখক দাদাচাহেব ফালকে বঁটা প্ৰদান কৰিব।

অহা ৩০ ছেপ্টেম্বৰত দিল্লীত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হ’ব আৰু এই অনুষ্ঠানতে অভিনেত্ৰী আশা পাৰেখক দাদাচাহেব ফালকে বঁটা প্ৰদান কৰা হ’ব। ভাৰতীয় চলচ্চিত্ৰ জগতত অভিনেত্ৰী আশা পাৰেখে আগবঢ়োৱা অৱদানৰ বাবে ১৯৯২ চনত ভাৰত চৰকাৰে আশা পাৰেখক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল। ১৯৫২ চনত ‘মা’ ছবিত শিশু শিল্পী হিচাপে অভিনয় কৰি আশা পাৰেখে নিজৰ অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল। আশা পাৰেখে কেইবাখনো ছবিত শিশু শিল্পী হিচাপে অভিনয় কৰিছিল।

আশা পাৰেখক মুখ্য অভিনেত্ৰীৰ অভিনয়ৰ সুযোগ প্ৰদান কৰিছিল বিখ্যাত ছবি নিৰ্মাতা নাছিৰ হুছেইনে। ১৯৫৯ চনত ‘দিল ডেকে দেখো’ ছবিখনত আশা পাৰেখক ছাম্মি কাপুৰৰ বিপৰীতে মুখ্য অভিনেত্ৰীৰ অভিনয় কৰাৰ সুযোৰ প্ৰদান কৰিছিল নাছিৰ হুছেইনে। এই ছবিখনে লাভ কৰা সফলতাই আশা পাৰেখক হিন্দী ছবিজগতত ষ্টাৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল। ‘দিল ডেকে দেখো’ ছবিখনৰ সফলতাৰ পিছত আশা পাৰেখ আৰু কেতিয়াও পিছলৈ ঘুৰি চাব লগীয়া হোৱা নাছিল।

ছবি নিৰ্মাতা নাছিৰ হুছেইনে দিল ডেকে দেখো’ ছবিখনৰ সফলতাৰ পিছত আশা পাৰেখক মুখ্য অভিনেত্ৰী হিচাপে লৈ কেইবাখনো চুপাৰ হিট নিৰ্মাণ কৰিছিল। আশা পাৰেখে ‘তিচৰী মঞ্জিল’, ‘আয়া সাৱন ঝুম কে’, ‘আন মিলো চজনা’, চিৰাগ, ‘দো বদন’ ‘কতি পতংগ’ আদিৰ দৰে কেইবাখনো ছুপাৰ হিট ছবিত অভিনয় কৰিছিল। উল্লেখ্য যে আশা পাৰিখ ১৯৯৮ চনৰ পৰা ২০০১ চনলৈকে চেন্সৰ ব’ৰ্ডৰ অধ্যক্ষও আছিল।

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu