গুৱাহাটী, সংবাদ ৩৬৫, ৫ জুন : অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ সংবাদমেল। মঙ্গলবাৰে ৰাজ্যৰ মুখ্য সচিব, অতিৰিক্ত সচিবৰ সৈতে হোৱা বৈঠকৰ লগতে ৰাষ্ট্ৰীয় শিক্ষানীতি, চ’লো পাল্টাই আৰু মাতৃভাষা, ৰাজ্যভাষাৰ দাবী সন্দৰ্ভত অনুষ্ঠিত হয় সংবাদমেল ।

অসমৰ মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত ভাষাৰ প্ৰচলনৰ ক্ষেত্ৰত সকলো কাম-কাজ ,প্ৰয়োজনীয় নিৰ্দেশ আদি ইংৰাজীৰ লগতে চৰকাৰী ভাষাত বাধ্যতামূলক কৰাৰ বাবে অসম সাহিত্য সভাই আগবঢ়োৱা প্ৰস্তাৱ সন্দৰ্ভত মুখ্য সচিবে কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশনা দিয়ে ।

মাতৃ ভাষা প্ৰয়োগৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ লগতে ব্যক্তিগত খণ্ডৰ ১২ খন বিশ্ব বিদ্যালয়ত অসমীয়া ভাষা লিখিব নাজানে । কিন্তু ইউ জি চিয়ে কেতিয়াও কোৱা নাই যে অসমীয়া ভাষা ব্যৱহাৰ কৰিব নালাগে। য়ু জি চি লৈ আহ্বান যি অসমীয়া ভাষা প্ৰয়োগ নকৰে সেই শিক্ষানুষ্ঠান অনুদান কৰ্তন কৰিব লাগে আৰু নাকৰ মূল্যাংকণত নম্বৰ কমাই দিব লাগে।

অসমীয়া ভাষা অসমৰ ৰাজধানীত অৱস্থিত সচিবালয়ৰ পৰাই আৰম্ভ কৰিব লাগিব ।

এই ক্ষেত্ৰত অসম চৰকাৰৰ সচিবালয় সেৱা সন্থাৰ কর্মকৰ্তাৰ সৈতে আলোচনা কৰি সচিবালয়ৰ কৰ্ম-কৰ্তাসকলে অসমীয়া ভাষা প্ৰয়োগ কৰাৰ বাবে প্ৰতিশ্ৰুতি দিয়ে লগতে ইংৰাজী ভাষাৰ লগতে অসমীয়া ভাষা প্ৰয়োগৰ বাবে নিৰ্দেশ দিয়ে আৰু এমাহৰ ভিতৰত সচিবালয়ৰ নাম-ফলকত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ কথাও প্ৰকাশ কৰে।

আনহাতে মঙ্গলবাৰে অগপ সভাপতি অতুল বৰাক সাক্ষাৎ কৰি ভাষা নীতি আৰু নিয়োগ নীতি সন্দৰ্ভত আলোচনা কৰে অসম সাহিত্য সভাই। শীঘ্ৰে উচ্চ প্ৰাথমিক খণ্ডৰ ভাষা নীতি প্ৰয়োগ, অসমৰ চৰকাৰী বে চৰকাৰী খণ্ডৰ সকলোধৰণৰ চাকৰিৰ সাক্ষাৎকাৰত ৫০ শতাংশ মাতৃভাষা আৰু ৫০ শতাংশ অসমৰ চৰকাৰী ভাষা নীতি মতে প্ৰশ্নোত্তৰত মূল্যাংক নিৰ্ধাৰণত বিষয়টোত শীঘ্ৰে বাধ্যতামূলক কৰা, এই সন্দৰ্ভত শীঘ্ৰে অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত লোৱাৰ বাবে হেঁচা প্ৰয়োগৰ বাবে বৰাক আহ্বান জনায়। বৰাইও বিষয়টো কেবিনেটত উত্থাপন কৰাৰ আশ্বাস দিয়ে।

অসমীয়া ভাষী এতিয়া আগন্তুক লোক পিয়লত সংখ্যালঘু নোহোৱাটো স্পষ্ট হৈ পৰিছে বুলি ২০১২১ৰ লোকপিয়লত অসমীয়া ভাষীৰ সংখ্যা ৭০% বৃদ্ধি হোৱাটো খাটাং । তেতিয়া চলো পাল্টাইৰ দৰে ভাষিক দ্বন্দ বিচৰা অপশক্তি আপোনা আপুনি ধূলিস্যাত হৈ যাব।