নিউজ ডেস্ক, সংবাদ ৩৬৫, ৮ জুন : অৱশেষত মুকলি আকাশৰ তলত ছানা উল্লাহ । গোৱালপাৰা ডিটেনচন কেম্পৰ পৰা মুক্তি পালে ছানাউল্লাহে । সম্প্ৰতি আমিনগাঁৱলৈ নিয়া হৈছে প্ৰাক্তন সেনাবিষয়াজনক । কামৰূপ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সম্পন্ন কৰা হ’ব আনুষ্ঠানিকতা।

উল্লেখযোগ্য যে ছানা উল্লাহক বিদেশী ন্যায়াধিকৰণৰ আদেশ মৰ্মে অসম আৰক্ষীয়ে ২৮ মে’ত কামৰূপ জিলাৰ নিজৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল । ছানা উল্লাহে ভাৰতীয় সেনাত ৩০ বছৰ ধৰি কাম কৰিছিল আৰু অনাৰেৰি কেপ্টেইন হিচাপে ২০১৭ চনত অৱসৰ গ্ৰহণ কৰিছিল । ঘোষিত বিদেশী হিচাপে গ্ৰেপ্তাৰ হোৱাৰ আগলৈকে অসম আৰক্ষীৰ সীমান্ত শাখাত উপ-পৰিদৰ্শক হিচাপে কাম কৰি আছিল ছানা উল্লাহে ।

ইফালে যোৱা ৩ মে’ত প্ৰাক্তন সেনা বিষয়া ছানা উল্লাহৰ পৰিয়ালে গোচৰটোৰ শুনানিৰ বাবে আৱেদন জনাইছিল ।