গুৱাহাটী : চোৰাং চিকাৰ ৰোধৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা কৰ্মীক ছেটেলাইট ফোন।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সমগ্ৰ দেশৰ ভিতৰতে ছেটেলাইট ফোনৰ ব্যৱহাৰ কৰা প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানত পৰিণত। ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা কৰ্মীসকলৰ মাজত দহটাকৈ ছেটেলাইট ফোন বিতৰণ কৰে আৰু এই সেৱা ইতিমধ্যে সক্ৰিয় কৰি তোলা হৈছে।

এশিঙীয়া গঁড়ৰ বাবে সমগ্ৰ বিশ্বতে পৰিচিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা কৰ্মীসকলক ছেটেলাইট ফোন যোগান ধৰি অধিক সবল কৰি তোলাৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিগত ২৭ মে’ তাৰিখে অনুষ্ঠিত এক বৈঠকত গ্ৰহণ কৰা হৈছিল য’ত পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত, কাষৰীয়া জিলাসমূহৰ উপায়ুক্তসকলৰ লগতে শীৰ্ষস্থানীয় বন বিষয়াসকল উপস্থিত আছিল।

উদ্যানখনত চোৰাং চিকাৰ বিৰোধী পদক্ষেপসমূহ অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এনেদৰে উন্নত প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। এই ছেটেলাইট ফোনসমূহ উদ্যানখনৰ মোবাইল বা ৱায়াৰলেছ সেৱা উপলব্ধ নথকা ছয়টা ৰেঞ্জত ব্যৱহাৰ কৰা হ’ব। উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি কাজিৰঙাই এই প্ৰযুক্তি ব্যৱহাৰ কৰা প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কাৰণ এই ধৰণৰ ফোনসমূহ সাধাৰণতে দেশৰ শীৰ্ষ সুৰক্ষা সংস্থাসমুহে কৰ্মক্ষেত্ৰত ব্যৱহাৰ কৰে। সৰ্বসাধাৰণৰ বাবে এই ফোনৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ।

অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তৰফৰ পৰা এই ১০ টা ফোন ক্ৰয় কৰা হৈছে আৰু এই সেৱা বিএছএনএলৰ তৰফৰ পৰা আগবঢ়োৱা হ’ব। উদ্যান কৰ্তৃপক্ষই এই সেৱাৰ মাহিলী খৰছ ব্যয় কৰিব। ইতিমধ্যে বিএছএনএলৰ তৰফৰ পৰা মোবাইল সেৱা উপলব্ধ নোহোৱা স্থানত এই ফোন ব্যৱহাৰ কৰাৰ পদ্ধতি বিষয়ত বনকৰ্মীসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে। সুৰক্ষাকৰ্মীক ছেটেলাইট ফোন প্ৰদান কৰাৰ পিছতে এজন বন বিষয়াই কয় “উদ্যানৰ ভিতৰুৱা অঞ্চলত যোগাযোগৰ অসুবিধাসমূহ এতিয়া আঁ‌তৰ হ’ল।”