গুৱাহাটী, ১৩ জুলাইঃ চেনিটাৰী নেপকিনৰ ওপৰত লগোৱা কৰ অতি শীঘ্ৰে উঠাই লোৱাৰ দাবীত ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ অসম ৰাজ্যিক কমিটিয়ে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে, কেন্দ্ৰৰ মোডী চৰকাৰে প্ৰস্তুত কৰি উলিওৱা জিএছটি অনুসৰি বিলাসী সামগ্ৰীৰ তালিকাত ৰখা হৈছে চেনিটাৰী নেপকিন আৰু তাৰ ভিত্তিতেই কৰ নিৰ্ধাৰণ কৰা হৈছে৷ অথচ চেনিটাৰী নেপকিন এগৰাকী মহিলাৰ সুস্থ জীৱনৰ বাবেই অতি অপৰিহাৰ্য৷ সমাজ বিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় গৱেষণা আলোচনীত প্ৰকাশিত এ চি লিচেনৰ এক অধ্যয়ন অনুসৰি যিসকল মহিলাই চেনিটাৰী পেড ব্যৱহাৰ কৰে তেওঁলোকৰ তুলনাত চেনিটাৰী পেড ব্যৱহাৰ নকৰা সকলৰ Reproductive Tract Infection (RTI) হোৱাৰ সম্ভাৱনা ৭০% বৃদ্ধি পায়৷ এই অধ্যয়নত জড়িত থকা স্ত্ৰীৰোগ বিশেষজ্ঞসকলৰ মতে Tampon-ৰ ব্যৱহাৰে গ্ৰৈব কেঞ্চাৰ (Cervical Cancer) আৰু বিভিন্ন যৌনাঙ্গ ৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে৷ কিন্তু ভাৰতীয় মহিলাসকলৰ ঋতুস্ৰাৱ সম্বন্ধীয় স্বাস্থ্যৰ বাস্তৱ পটভূমি অতি দুঃখজনক৷ সেই একেই গৱেষণাটোৰ অনুসৰি ১২% মহিলাই ঋতুস্ৰাৱৰ সময়ত চেনিটাৰী নেপকিন ব্যৱহাৰ কৰে৷ ৮৮% মহিলাই বিকল্প অস্বাস্থ্যকৰ পথ যেনে অপৰিস্কাৰ কাপোৰ, ছাই বা তুঁহ বালি ব্যৱহাৰ কৰে৷ ইয়াৰ ফলস্বৰূপে তেওঁলোকৰ উৰ্বৰ ক্ষমতা ৩১% কমি যায়৷ তাৰ লগতে তেওঁলোকে গড়ে ২.২ দিন কৰ্মস্থলীত উপস্থিত থকাৰ পৰা বিৰত থাকে৷ উত্তৰ ভাৰতত প্ৰায় ৩০% ছাত্ৰীয়ে মাহেকীয়া ঋতুস্ৰাৱ হোৱাৰ পাছত স্কুল যোৱা বন্ধ কৰে, কাৰণ তেওঁলোকৰ পৰ্যাপ্ত চেনিটাৰী সামগ্ৰী নাথাকে৷ ৮৩% ছাত্ৰীয়ে কয় যে তেওঁলোকৰ পৰিয়ালে চেনিটাৰী পেড ক্ৰয় কৰাৰ ক্ষমতা নাই৷ তাৰ উপৰি কিছুমান সামাজিক বাধা-নিষেধ আছে যাৰ বাবে মাহেকীয়াৰ বিষয়ে আৰু মাহেকীয়াৰ দিনকেইটাত পৱিত্ৰতা আৰু প্ৰদূষণৰ কাৰণ দৰ্শাই মুক্ত বিচৰণত প্ৰতিবন্ধকতা সৃষ্টি কৰা হয়৷ এই কাৰণসমূহৰ ওপৰত এই কৰ বৃদ্ধিয়ে এতিয়াও বহু ছোৱালী আৰু মহিলাক এটা সুস্থ যৌন জীৱনৰ পৰা বঞ্চিত কৰিব৷ ইয়াৰ পৰিপেক্ষিতত এছ এফ আইয়ে এই অসংবেদনশীল কাৰ্যৰ বিৰুদ্ধে দেশজোৰা Bleed without fear, Bleed without Tax নামেৰে এটা প্ৰচাৰ মাধ্যমত কাম আৰম্ভ কৰিছে৷ এই প্ৰচাৰ কাৰ্যসূচী ১১ জুলাইৰ পৰা আৰম্ভ হৈ ১৪ জুলাইত সামৰণি পৰিব৷ ইয়াৰে অংশ হিচাপে এছএফআয়ে গুৱাহাটীত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে৷ এছএফআয়ে চেনিটাৰী নেপকিনত নেপকিনৰ ওপৰত লগোৱা ১২% জি এছ টি অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰা, ছাত্ৰীসকলৰ বাবে পৰ্যাপ্ত অনাময় ব্যৱহাৰ বাবে উদ্যোগ গ্ৰহণ কৰা, প্ৰতিখন শিক্ষানুষ্ঠানত চেনিটাৰী নেপকিনৰ পেড ভেণ্ডিং মেচিন স্থাপন কৰাৰ ব্যৱস্থা কৰাৰ লগতে দাৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰীসকলক এটকাত ছয় পেকেট চেনিটাৰী নেপকিন যোগানৰ ব্যৱস্থা কৰাৰ দাবী জনাই কেন্দ্ৰীয় বিত্ত, বাণিজ্য আৰু সুৰক্ষা বিভাগৰ মন্ত্ৰী অৰুণ জেটলীলৈ প্ৰেৰণ কৰে৷