নাজিৰা, ১৩জুলাইঃ নাজিৰা ৰাজহ চক্ৰৰ জোকতলি মৌজাৰ মাদুৰী, মেছাগড়ত বহু লোকৰ ঘৰ-বাৰী সংহাৰী বানপানীয়ে ক্ষতি কৰিছে৷ অঞ্চলটোত জেঠ মাহতে ছটিয়াই থোৱা পুৰঠ কঠিয়া তলি বানে ডুবাই নষ্ট কৰিছে। যাৰ কাৰণে খেতিয়কসকলে বছৰটো পৰিয়ালটোক পোহ-পাল দিয়াৰ কথা চিন্তা কৰি মূৰে-কঁপালে হাত দিছে। এফালে বানপানীৰ বাবে গৰু, ছাগলী, গাহৰীকে ধৰি পশুধনসমূহৰ বিলাই-বিপত্তিৰ সীমা নাইকীয়া হৈছে। অন্যহাতে বাঘৰ সন্ত্ৰাস আৰু আতংকত গৰু, ছাগলী, ম’হ হাবিত সোমাই চৰিব নোৱাৰা হৈছে৷ জানিব পৰা মতে মাদুৰী গোঁহাই গাওঁস্থিত জয়মতী হাইস্কুলৰ কাষৰ হাবিত কিছুদিনৰ পূৰ্বে বাঘে দিন-দুপৰতে এজনী পূৰ্ণ বয়স্ক মাইকী ছাগলী ধৰে৷ বাঘটোৱে মানুহৰ হাই উৰুমি শুনি ছাগলীটোৰ তেজ খাই আধা মৰাকৈ এৰি গভীৰ হাবিলৈ সোমাই যায়।এফালে বাঘৰ সন্ত্ৰাস আনফালে বানপানীয়ে সৰ্বসাধাৰণ কৃষকৰ কঠিয়া নষ্ট কৰে৷ এনে পৰিস্থিতিত খেতিয়ক সকলে মাটিডৰাত শাঁওণ মাহত নভূঁই ৰোৱলৈ বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব সেইটো নিশ্চিত হৈ পৰিছে ।