গুৱাহাটী : গুৱাহাটী মহানগৰীত আটক চাকৰিৰ দালাল (Broker)। চাকৰি দিয়াৰ নামত ধন দাবী কৰা দালাল পৰিল আৰক্ষীৰ জালত। মহানগৰীৰ এটা ল’জত অভিযান চলাই আৰক্ষীয়ে আটক কৰে ৭ জনকৈ চাকৰিৰ দালালক।

শেহতীয়াকৈ পৰীক্ষা অনুষ্ঠিত হৈ যোৱা অসম চৰকাৰৰ ২৬ হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতি সংঘটিত হোৱা এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। ভিক্টৰ দাস নামৰ এজন লোকে সামাজিক মাধ্যমত নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতি সংঘটিত হোৱা অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰা ভিক্টৰ দাসক আৰক্ষীয়ে জেৰা চলাই অৱশেষত গ্ৰেপ্তাৰ কৰাত ৰাজ্যত সৃষ্টি হৈছে বিতৰ্কৰ। বিৰোধী ৰাজনৈতিক দল সমূহৰ লগতে একাংশই অসম আৰক্ষীক তীব্ৰ সমালোচনা কৰিছে। ২৬ হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতি সংঘটিত হোৱা গুৰুত্বৰ অভিযোগে ৰাজ্যত বিতৰ্কৰ সৃষ্টি কৰাৰ মাজতে এইবাৰ চাকৰি দিয়া দালাল পৰিছে আৰক্ষীৰ জালত।

চাকৰি দিয়াৰ নামত ধন দাবী কৰা দালালৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে অভিযান চলাই বৃহৎ সাফল্য লাভ কৰিছে। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই দিশপুৰ আৰক্ষীয়ে ৭ জনকৈ চাকৰিৰ দালালক আটক কৰিছে।মহানগৰীৰ বৰবাৰীৰ এটা ল’জৰ পৰা দিশপুৰ আৰক্ষীয়ে চাকৰিৰ দালাল কেইজনক আটক কৰে।

ধৃত দালাল কেইজন হৈছে ক্ৰমে কাহিলীপাৰাৰ নয়ন শইকীয়া, বশিষ্ঠৰ জয়ন্ত ডেকা, মঙলদৈৰ চিৰাজুল হক, গোৱালপাৰাৰ জয়ন্ত দাস, নলবাৰীৰ গোবিন্দ চৌধুৰী, প্ৰাঞ্জল বৰ্মন আৰু নুৰ ইছলাম আহমেদ। দালাল কেইজনে ল’জত জলসম্পদ বিভাগৰ চাকৰিৰ তালিকা প্ৰস্তুত কৰিছিলে। ২০২০ বৰ্ষতে অনুষ্ঠিত হৈছিল জনসম্পদ বিভাগৰ নিযুক্তিৰ পৰীক্ষা। ৬৪৩ টা পদৰ পৰীক্ষীৰ ফলাফল।বৰ্তমানলৈকে প্ৰকাশ পোৱা নাই।