নিউজ ডেস্ক : বংগোপ সাগৰৰ পৰা উঠি অহা ঘূৰ্ণীবতাহ চিত্ৰাঙ (Cyclone Sitrang) বিধ্বংসী ৰূপ ধাৰণ কৰিছে। বাংলাদেশত বৰ্তমানলৈকে ঘূর্ণীবতাহ চিত্ৰাঙৰ ফলত ৭ জনকৈ লোকৰ মৃত্যু হৈছে। ভাৰতৰ কেইবাখনো ৰাজ্যত ঘূৰ্ণীবতাহ চিত্ৰাঙকলৈ হাই এলাৰ্ট জাৰি কৰা হৈছে।

অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা পশ্চিম বংগ আৰু উৰিষ্যাৰ প্ৰায়বোৰ স্থানতে পাতল পৰা মধ্যমীয়া বৰষুণৰ লগতে ধুমুহাই তাণ্ডৱ চলাই থকা পৰিলক্ষিত হৈছে। বাংলাদেশৰ সীমান্তৱৰ্তী মেঘালয়ৰ চাৰিখন জিলাত প্ৰশাসনে ঘূৰ্ণীবতাহ চিত্ৰাঙৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে সকলো শিক্ষানুষ্ঠান বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে। পশ্চিম বংগ, উৰিষ্যা, অসম আৰু মেঘালয়কে ধৰি বহু ৰাজ্যত ইতিমধ্যে এই ঘূর্ণীবতাহৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে।

পশ্চিম বংগৰ কলকাতাকে ধৰি ৰাজ্যখনৰ বহু জিলাত প্ৰচণ্ড বৰষুণ আৰু তীব্ৰ বেগত বতাহ বলিছে। পশ্চিম বংগৰ পূব মিডনাপুৰৰ বহু ঠাইত পাতলীয়া বৰষুণ অব্যাহত আছে। পশ্চিম বংগ আৰু বাংলাদেশৰ মাছমৰীয়া সকলক উত্তৰ বংগ উপসাগৰত প্ৰৱেশ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ঘূর্ণীবতাহ চিত্ৰাঙ বংগৰ উপকূলীয় অঞ্চল বিশেষকৈ সুন্দৰবনত তাণ্ডৱলীলাৰ সৃষ্টি কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিছে যে ঘূৰ্ণীবতাহ চিত্ৰাঙ মধ্য বংগ উপসাগৰৰ কাষেৰে উত্তৰ পূব দিশলৈ প্ৰতি ঘণ্টাত ২৮ কিলোমিটাৰ বেগেৰে গতি কৰিছে। বাংলাদেৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বাংলাদেশৰ কক্স বজাৰ উপকূলৰ পৰা হাজাৰ হাজাৰ লোক আৰু পশুধনক আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে। বাংলাদেশৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, সোমবাৰে নিশা ৯.৩০ ৰ পৰা ১১.৩০ বজাৰ ভিতৰত বাৰিছালৰ ওচৰৰ টিনাকোনা দ্বীপ আৰু চেণ্ডউইচৰ মাজত ঘূৰ্ণীবতাহ চিত্ৰাঙে প্ৰায় ১০০ কিলোমিটাৰ বেগেৰে বৰষুণ কঢ়িয়াই আনিছিল।

বাংলাদেশৰ টিনাকোনা দ্বীপ আৰু চেণ্ডউইচৰ মাজৰ অঞ্চলটোত প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত বহু ঘৰৰ ক্ষতি সাধন হোৱাৰ লগতে ৭ জনকৈ লোকৰ মৃত্যু হৈছে। ঘূর্ণীবতাহ চিত্ৰাঙৰ অসমতো প্ৰভাৱ পৰিছে। সোমবাৰৰ পৰাই অসমত কিনকিনিয়া বৰষুণৰ লগতে তীব্ৰ বেগত বতাহ বলিছে। উজনিৰ পৰা নামনিলৈ চিত্ৰাঙৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। মধ্য আৰু নামনি অসমত ধুমুহাৰ ফলত বহু লোকৰ ঘৰৰ ক্ষতি সাধন হৈছে।