জোনমণি বেগম
বিশ্বনাথ : বিশ্বনাথত ভয়ংকৰ পথ দুর্ঘটনা। এখন তীব্ৰ বেগী বাহনে মহতিয়াই নিয়ে কেইবাজনো লোকক। শিশুসহ গুৰুত্বৰভাৱে আহত সাতজনকৈ লোক। আহত সকলক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ। দুর্ঘটনা সংঘটিত কৰা বাহনখন অৰুণাচল প্ৰদেশৰ পঞ্জীয়ন।

দেওবাৰে বিশ্বনাথ নগৰৰ আমবাৰিত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়। অৰুণাচল প্ৰদেশৰ পঞ্জীয়া থকা এখন বাহনে
মহতিয়াই নিয়ে শিশুসহ কেইবাজনো লোকক। ফলত গুৰত্বৰভাৱে আহত হয় সাতজনকৈ লোক। উল্লেখ্য যে দুপৰীয়াৰ ভাগত আমবাৰিত এ আৰ-০৪-৯৮৬৬ নম্বৰৰ চেলেৰিঅ বাহনখনে তীব্ৰ বেগৰে এটা টেলিফোন খুটাত খুন্দা মাৰে।

ইয়াৰ পিছতে বাহনখনে পথৰে গৈ থকা দুজন লোকক খুন্দা মাৰে। লোক দুজনক খুন্দা মাৰিয়ে পুনৰ বাহনখনে এখন ই-ৰিক্সাত খুন্দা মৰাত ই-ৰিক্সাখনত থকা এটি শিশু আৰু এজন লোক ই-ৰিক্সাৰ পৰা বাগৰি পৰে। ইয়াৰ পিছত পুনৰ বাহনখনে পথৰ কাষত ৰৈ থকা আন এখন বাহনত খুন্দা মাৰে। এই দুর্ঘটনাত শিশুসহ সাত জনকৈ লোক আহত হয়।

স্থানীয় ৰাইজে আহত লোক সকলক উদ্ধাৰ কৰি বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ যান বাহন আৰক্ষীক খবৰ দিয়ে। লগে লগে বিশ্বনাথ চাৰিআলি অৰক্ষীৰ যান বাহন শাখাৰ আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হৈ আহত লোক সকলক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে।